31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    খানামুখত বিজেপিৰ বুথ কমিটীৰ উদ্যোগত অৰুণোদয় আঁচনিৰ হিতাধিকাৰিৰ সজাগতা সভা

    সমষ্টি পুনৰ গঠনৰ পিছত পশ্চিম গুৱাহাটীৰ যিবিলাক অঞ্চল নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে তাত শাসকীয় বিজেপি দলে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চৰকাৰৰ জনকল্যাণমুখী আঁচনি সমুহৰ সুফল যাতে সৰ্বসাধাৰণ ৰাইজে লাভ কৰে আৰু যোগ্য কোনো লোকেই যাতে আঁচনি সমুহৰ সুফল লাভৰ পৰা বঞ্চিত হবলগীয়া নহয় তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ হিচাপে নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ বিশ্ববিদ্যাল়য় মণ্ডল কমিটীৰ অন্তৰ্গত ৪৮ নম্বৰ খানামুখ প্ৰাথমিক বিদ্যালয় বুথ কমিটীৰ উদ্যোগত আজি এখন অৰুণোদয় আঁচনিৰ হিতাধিকাৰিৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হয়।

    খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ সামূহিক ভৱনত ডেৰ শতাধিক মহিলা হিতাধিকাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত উপস্থিত সকলোকে আদৰণি জনায় বুথ কমিটীৰ সভাপতি হেমেন কলিতাই আৰু উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদক ধৃতিমান দাছে। আনহাতে সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশ্ববিদ্যালয় মণ্ডল কমিটীৰ নৱনিযুক্ত সভাপতি চিন্ময় শৰ্মাই ভাষণ প্ৰসংগত অৰুণোদয় আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰি প্ৰতিজন বিজেপিৰ কাৰ্যকৰ্তাক দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণত মনোনিবেশ কৰাৰ লগতে চৰকাৰী গাইডলাইন অনুসৰি কোনো যোগ্য মহিলা যাতে আঁচনিৰ পৰা বঞ্চিত হবলগীয়া নহয় তাৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়।

    সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সীয়ে অৰুণোদয় আঁচনিৰ উপৰিও পৌৰ নিগমৰ ফালৰ পৰা হিতাধিকাৰীৰ বাবে কেনে ধৰণৰ কি কি আঁচনি আছে তাৰ ওপৰত আলোকপাত কৰে। সভাত বিশ্ববিদ্যালয় মণ্ডল কমিটীৰ সাধাৰণ সম্পাদক মনোজ দাস, বিত্ত সম্পাদক চন্দন বৰ্মন, শক্তি কেন্দ্ৰৰ আহ্বায়ক ৰূপক শইকীয়া, ৪৮ নম্বৰ খানামুখ প্ৰাথমিক বুথ কমিটীৰ প্ৰাক্তন সভাপতি পিংকীমণি দাস কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে সভাত বিশ্ববিদ্যালয় মণ্ডল কমিটীৰ নৱনিযুক্ত সভাপতি হিচাপে প্ৰথম দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ বাবে চিন্ময় শৰ্মাক বুথ কমিটীৰ ফালৰ পৰা সভাপতি হেমেন কলিতাই গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds