31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ক্ষুদ্ৰডিমুৰ নৰকান্ত ডেকা সহিতে অসমৰ পাচ গৰাকী ব্যক্তিয়ে লাভ কৰিলে কলিকতাৰ পৰা ৰাষ্ট্ৰীয় বঁটা

    ক্ষুদ্ৰডিমুৰ নৰকান্ত ডেকা সহিতে অসমৰ পাচ গৰাকী ব্যক্তিয়ে লাভ কৰিলে কলিকতাৰ পৰা ৰাষ্ট্ৰীয় বঁটা

    এই বটাই অধিক সাহস– উৎসাহ যোগালে– নৰকান্ত ডেকা

    সুদীৰ্ঘ ৩৭ বছৰ সাংস্কৃতিক -শৈক্ষিক– সাংবাদিকৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থাকি বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া ৰাজহ চক্ৰৰ ক্ষুদ্ৰডিমু গাওঁৰ সু-সন্তান বিশিষ্ট সমাজকৰ্মী–শিল্পী– সাংবাদিক নৰকান্ত ডেকাই সমাজ সেৱাৰ জড়িয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

    বিভিন্ন সময়ত কিছুমান উন্নয়ণ মূলক কাৰ্যৰ বাবে তেওঁ সম্বৰ্ধনাৰ লগতে বটা লাভ কৰিবলৈও সক্ষম হৈছে ৷ উল্লেখ্য যে অলপতে কলিকতাৰ কফি হাউচ সভাকক্ষত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মহাবঙ্গ সাহিত্য পৰিষদ ষ্ট্ৰাষ্টৰ তৰফৰ পৰা ৰবীন্দ্ৰ নাথ ঠাকুৰ ৰাষ্ট্ৰীয় বটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি শিল্পী- সমাজসেৱক নৰকান্ত ডেকাই ২০০৫ চনৰ নবেম্বৰত উৰিষ্যাৰ কটকৰ সাংস্কৃতিক কেন্দ্ৰৰ পৰা শিল্পী বটা,২০১৩ চনৰ অক্টোবৰত উৎকল যুব সাংস্কৃতিক সংঘই সৰ্বভাৰতীয় ক্লাচিকেল আৰু ফ্লক ডেন্স প্ৰতিযোগিতাত শিল্পী বটা,২০২১ চনৰ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ পৰা শিল্পী সম্বৰ্ধনা, সদৌ অসম নাগাৰা নাম সংঘৰ পৰা জীৱন জোৰা শিল্পী সাধনা বটা ,বিহু কৃষ্টি পৰিষদ অসমৰ পৰা শিল্পী সম্বৰ্ধনাৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ত ভালেমান বটা– সম্বৰ্ধনা বুটলিবলৈ সক্ষম হৈছে ৷শিল্পী – সমাজসেৱক গৰাকীয়ে

    এনেকুৱা বটাৰে ভবিষ্যতৰ দিনত শৈক্ষিক- সাংস্কৃতিক- সামাজিক দিশত আৰু অধিক উৎসাহ যোগাব বুলি আশা ব্যক্ত কৰে ৷
    শিল্পী — সমাজ সেৱক নৰকান্ত ডেকাৰ লগতে অসমৰ আৰু চাৰিগৰাকী ব্যক্তিয়ে ১১ ডিচেম্বৰত কলিকতাৰ কফি হাউচ সভাকক্ষত মহাবঙ্গ সাহিত্য পৰিষদে অনুষ্ঠিত কৰা ৰবীন্দ্ৰ নাথ ঠাকুৰ ৰাষ্ট্ৰীয় বটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেই ব্যক্তি সকল হল– বিশিষ্ট কবি- শিক্ষক- সমাজসেৱক ৰঙিয়াৰ নবীন চন্দ্ৰ দাস হাজোৰ হেলাছা গাৱৰ বিশিষ্ট ক্ৰীড়া সংগঠক – শিক্ষক- সমাজসেৱক কুশল চন্দ্ৰ বড়ো,বিশিষ্ট সমাজসেৱক- সাংবাদিক মৌকুচিৰ অতুল চন্দ্ৰ ডেকা , লাছি– বিষ্ণুপুৰৰ বিশিষ্ট শিল্পী নমিতা কলিতা,বৰপেটাৰ বিশিষ্ট শিল্পী– সাহিত্যিক লক্ষ্মী পাঠক আৰু পাঠশালাৰ বিশিষ্ট সাহিত্যিক– শিল্পী ড0 ভবেশ পাটগিৰি ৷

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds