কেৰিয়াৰ সজাগতা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণৰ প্ৰসংগত
মাননীয় সম্পাদক মহোদয়,
উচ্চ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে কেৰিয়াৰ সজাগতা সভাত সমল ব্যক্তি হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা কেইবাটাও ফোন কল পাইছো। বৰ্তমান মই এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰো, গতিকে কেৱল বিশ্ববিদ্যালয় বন্ধ থকা দিনাহে কেৰিয়াৰ সজাগতা সভাবোৰত অংশগ্রহণ কৰাটো মোৰ বাবে সম্ভৱ। সেয়েহে, মোৰ সময়সূচী পৰিচালনা কৰিবলৈ আৰু অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে কেৰিয়াৰ সজাগতা সভাবোৰৰ চূড়ান্ত তাৰিখসমূহ আগতীয়াকৈ জনাটো মোৰ বাবে গুৰুত্বপূৰ্ণ। এই পত্ৰৰ জৰিয়তে কেৰিয়াৰ সজাগতা সভাত সমল ব্যক্তি হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা সকলোকে অনুৰোধ জনাইছো যে চূড়ান্ত তাৰিখসমূহ অতি সোনকালে জনায় যেন, যাতে সেই অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব পাৰো।
🖋️ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
Leave a Reply