31.3 C
Guwahati
Saturday, November 8, 2025
More

    শেহতীয়া আপডেটঃ

    কনটেইনমেন্ট জ’নত আৱদ্ধ পাখিৰীগুৰিৰ বাসিন্দাৰ তথৈবচ অৱস্থাঃ পুণৰ খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰিলে ভেলাখামাৰ গাঁৱৰ এদল যুৱকে

    ■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ:
    কনটেইনমেন্ট জ’নত আৱদ্ধ পাখিৰীগুৰি গাঁৱৰ ৩৫টা পৰিয়ালৰ সম্প্ৰতি নাজল নাথল অৱস্থা৷ যেন দিন নাযায় ৰাতি নুপুৱায়৷ সকলো থাকিও তেওঁলোকৰ আজি একো নাই। কাৰণ তেওঁলোক কনটেইনমেন্ট জ’নৰ বাসিন্দা৷

    উল্লেখ কৰিব খুজিছো গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰে’ল ষ্টেচনৰ কাষৰীয়া পাখিৰীগুৰি গাওঁৰ কথা ৷ এই গাওঁখনত কৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণলৈ চাই যোৱা ৮ মে তাৰিখে জিলা প্ৰশাসনে ঘোষণা কৰে কনটেইনমেন্ট জ’ন হিচাপে ৷ সেই অনুসৰি ৯ মে’ৰ পুৱাই অঞ্চলটোৰ সমগ্ৰ বাট পথ বন্ধ কৰি দিয়ে জিলা প্ৰশাসনে ৷ ইয়াৰ লগে লগে যেন একপ্ৰকাৰ নিৰ্জন দীপৰ বাসিন্দা  হৈ পৰিল পাখিৰীগুৰিৰ জনসাধাৰণ ৷ ফল স্বৰূপে প্ৰায় ৫০ শতাংশৰো অধিক শ্ৰমজীৱী লোকে বসবাস কৰা গাওঁখনত নিত্য প্ৰয়োজনী সামগ্ৰীৰ নাটনিকে ধৰি দেখা দিলে নানান এৰাব নোৱাৰা সমস্যাই ৷

    পিছে গাওঁবাসীৰ খবৰ লওঁতা যেন কোনো নাই ৷  এনে জটিল সন্ধিক্ষণতে পাখিৰীগুৰি গাওঁবাসীৰ কাষত থিয় দিলে কাষৰীয়া ভেলাখামাৰ অঞ্চলৰ এদল যুৱকেে ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ইতিমধ্যে এদিন খাদ্য সামগ্ৰী যোগান ধৰা যুৱক সকলে আজি পুণৰাই পাখিৰীগুৰিৰ ৰাইজৰ হাতত তুলি দিলে একোটাকৈ খাদ্য সামগ্ৰীসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা ৷ ভেলাখামাৰৰ যুৱক সকলৰ মহানুভৱতাক পাখিৰীগুৰি বাসীয়ে একেমুখে শলাগিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds