31.3 C
Guwahati
Saturday, November 8, 2025
More

    শেহতীয়া আপডেটঃ

    এন ই ফ’কাচ ডট কমৰ এন ই ফ’কাচ ৫ বিশিষ্ট ব্যক্তিক  গ্লৰী বঁটা প্ৰদান :

    এন ই ফ’কাচ ডট কমৰ এন ই ফ’কাচ ৫ বিশিষ্ট ব্যক্তিক গ্লৰী বঁটা প্ৰদান :
    অসমৰ  অন্যতম  ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমে ১৫ আগষ্টত ষষ্ঠ বৰ্ষত ভৰি দিব।এই বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ১৩ আগষ্টত মহানগৰীৰ হোটেল বৰাক ৰেচিডেন্সিত অনুষ্ঠিত হয় এক অনুষ্ঠান।অনুষ্ঠানত এন ই ফ’কাচ গ্লৰী  এৱাৰ্ডে বিভূষিত কৰে অসমৰ সমাজ, সংস্কৃতি জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা ৰাজ্যৰ ৫ গৰাকীকৈ ব্যক্তি ।সেই সকলৰ ভিতৰত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা বিশিষ্ট সমাজ সেৱক কুসুম কুমাৰ মহন্ত,বিশিষ্ট সমাজ কৰ্মী তথা উদ্যোগী দিলৱাৰ হুছেইন, বিশিষ্ট চিকিৎসক  তথা সৰ্প দৰ্শনৰ সামাজিক কৰ্মকতা ডাঃ সুৰজিৎ  গিৰি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়া আৰু মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাস।আনহাতে এই অনুষ্ঠানতে মহানগৰ জিলা পৰিবহন  বিষয়া হিমাংশু দাস,এন ই ফ’কাচ ডট কমৰ শিৱসাগৰৰ সাংবাদিক দিলিস্তান খান ,ছয়গাঁৱৰ সাংবাদিক জিতুমনি দাসক সম্বদ্ধনা জনায়। উল্লেখযোগ্য যে ১৫ আগষ্টত এন ই ফ’কাচ ডট কমে ৬ বছৰত ভৰি দিব ।যুৱ সাংবাদিক সংগীতা শইকীয়াই সম্পাদনাত চলি থকা এই পৰ্টেলটোৰ জৰিয়তে উদ্যমী সকলক এখন মঞ্চ দিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে এন ই ফ’কাচ ডট কমে মাজে সময়ে  সামাজিক  উৎকৰ্ষ সাধনৰ কৰ্মৰ লগত জৰিত  হৈ আছে ।অনুষ্ঠানৰ আহ্বায়িকা তথা এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই কয় যে আগন্তুক দিনত এন ই ফ’কাচক আৰু  প্ৰসাৰিত কৰাৰ চিন্তা চৰ্চা আছে।অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্কা দাস আৰু প্রিয়ংকা নাথে গীত পৰিবেশন কৰে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds