31.3 C
Guwahati
Friday, October 17, 2025
More

    শেহতীয়া আপডেটঃ

    এন আৰ ডি এছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, টংলাৰ নৱাগত আদৰণি সভা সম্পন্ন

    ভাল মানুহ হোৱাৰ সপোন দেখিব লাগিব-ঘটেশ্বৰ বৰুৱা

    ♦ টংলাৰ পৰা চিন্ময় ডেকাঃ ছাত্ৰ-ছাত্ৰীসকলে ভাল মানুহ হোৱাৰ সপোন সফলতা অৰ্জন কৰিব লাগিব। গ্ৰন্থ অধ্যয়ন, লগতে বিখ্যাত মানুহৰ জীৱনী অধ্যয়ন কৰি, পিতৃ-মাতৃ, সমাজখন উজ্জলাব লাগিব। বৰ্তমান সময়ত সু-নাগৰিকৰ সংখ্যা কমিছে। সু-নাগৰিক হ’বলৈ সাধনা কৰিব লাগিব। ওদালগুৰি জিলাৰ টংলাস্থিত এনআৰডিএছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আজি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত নৱাগত আদৰণি সভাত মুখ্য অতিথিৰ ভাষণত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এইদৰে কয় বিশিষ্ট কবি, নিবন্ধকাৰ, টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱাই।

    এনআৰডিএছ স্কুলৰ অধ্যক্ষা চুইটি খাছনবিসে বন্তি প্ৰজ্বলন আৰু আদৰণি ভাষণৰে শুভাৰম্ভ কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক ৰমেশ বৰ্মনে। ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভনী গীত পৰিৱেশন কৰা উক্ত অনুষ্ঠানত শিক্ষয়ত্ৰী লক্ষীমনি শৰ্মা, ধনদা শৰ্মা, ৰিজুমনি বড়ো, ডিম্পি কলিতা, শিক্ষক ৰুহিত দেৱনাথ, সংবাদকৰ্মী ফটিক নন্দন ৰাভা, বিদ্যালয় পৰিচালনা সঞ্চালক শম্ভো বড়ো ই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ দিয়ে।

    অনুষ্ঠানত দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক আদৰণি সম্ভাষণ জনাই একোটাকৈ কলম উপহাৰ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰা সভাত মিছ ফ্ৰেচাছ মধুস্মিতা বড়ো আৰু মিষ্টাৰ ফ্ৰেচাছ খিতাপ অৰ্জন কৰা পিংকো বৰ্মনক উপহাৰ সামগ্ৰী প্ৰদান কৰে। আমন্ত্ৰিত উদীয়মান শিল্পী ধনজিত বড়ো, যুৱ কণ্ঠশিল্পী শেষৰজ্যোতিয়ে গণশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন উপলক্ষে তেখেতক স্মৰণ কৰি কালজয়ী গীত পৰিৱেশন কৰা লগতে নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠান জীপাল কৰি তোলে।

    বিয়লি ৫ বজাত সামৰণি পৰা অনুষ্ঠানত চাইল্ড লাইন ওদালগুৰিৰ সংগঠক অনচুলা মুছাহাৰী, টংলা প্ৰেছ ক্লাবৰ সম্পাদক অৰূপ বড়ো, প্ৰাক্তন ছাত্ৰ সাংবাদিক চিন্ময় ডেকা, পৰাগজ্যোতি ৰাভা, কুশল ডেকা, নৱাগত আদৰণি সভাৰ তত্বাবধায়ক শিক্ষক জ্যোতিস্মান বৈশ্য বহু কেইখন স্কুল, কলেজৰ শিক্ষাৰ্থী উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.