গুৱাহাটীঃ ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় সম্পদ ব্যৱস্থাপনা কোম্পানী এক্সিছ মিউচুৱেল ফাণ্ডে আজি “এক্সিছ চাৰ্ভিছেছ অপৰ্চুনিটিজ ফাণ্ড” নামৰ নতুন অ’পেন-এণ্ডেড ইকুইটি স্কীম আৰম্ভ কৰাৰ ঘোষণা কৰে। ভাৰতৰ দ্ৰুতগতিত বিকাশিত সেৱাখণ্ডৰ সুবিধাসমূহৰ সদ্ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰা এই নিউ ফাণ্ড অফাৰৰ (এন এফ অ’) চাবস্ক্ৰিপচন ৪ জুলাই ২০২৫ তাৰিখে আৰম্ভ হৈ ১৮ জুলাই ২০২৫ তাৰিখলৈকে চলিব। এই নতুন ফাণ্ডটোৰ লক্ষ্য হৈছে ভাৰতৰ সেৱাখণ্ডৰ জৰিয়তে হোৱা অৰ্থনৈতিক পৰিৱৰ্তনৰ সুবিধা লৈ বিনিয়োগকাৰীসকলক দীৰ্ঘম্যাদী মূলধন বৃদ্ধিৰ সুযোগ প্ৰদান কৰা। বিশেষকৈ দ্ৰুত সম্প্ৰসাৰণক্ষম, মূলধন-সক্ষম আৰু প্ৰতিযোগিতামূলক সুবিধাযুক্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিনিয়োগ কৰা হ’ব যিয়ে তেওঁলোকৰ মুখ্য উপাৰ্জন সেৱাখণ্ডৰ পৰা আহৰণ কৰে। ফাণ্ডটোৰ ব্যৱস্থাপনাৰ দায়িত্বত থাকিব ইকুইটিৰ মুৰব্বী শ্ৰেয়াংশ দেৱলকাৰ, জ্যেষ্ঠ ফাণ্ড ব্যৱস্থাপক শচীন ৰেলেকাৰ আৰু বিদেশী বিনিয়োগৰ বাবে কৃষ্ণা নাৰায়ণ।
এক্সিছ এ এম চিৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বি গোপকুমাৰে কয়, “ভাৰতৰ ভৱিষ্যতৰ অৰ্থনৈতিক বৃদ্ধি সেৱা খণ্ডৰ দ্বাৰা পৰিচালিত হ’ব আৰু খণ্ডটোৰ ভেটি যিমান গভীৰ সিমানেই দীৰ্ঘস্থায়ী।” তেওঁ লগতে কয়, “এক্সিছ চাৰ্ভিচেছ অপৰ্চুনিটিজ ফাণ্ডৰ জৰিয়তে আমি বিনিয়োগকাৰীৰ বাবে এক সক্ৰিয়ভাৱে পৰিচালিত সুযোগ আগবঢ়াইছো যিটো ভাৰতৰ সেৱা খণ্ডৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনক ধৰি ৰাখিবলৈ প্ৰস্তুত কৰা হৈছে। বেংকিঙৰ দৰে লিগেচি খণ্ডৰ পৰা ই-কমাৰ্চ, ফিনটেক আৰু স্বাস্থ্যসেৱাৰ দৰে বিকশিত খণ্ডলৈকে এই পুঁজিয়ে দেশৰ সেৱা উদ্যোগৰ সম্ভাৱনাক ধৰি ৰাখিবলৈ চেষ্টা কৰে। এয়া আমাৰ দীৰ্ঘম্যাদী বিনিয়োগ দৰ্শনৰ সৈতেও সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ, য’ত আমি এনে গুণগত আৰু মূলধন-দক্ষ কোম্পানী বিচাৰো যিয়ে অৰ্থনৈতিক জোকাৰণি সহ্য কৰিব পাৰে আৰু তুলনামূলকভাৱে কম বিপদত উচ্চ লাভ প্ৰদান কৰাৰ ক্ষমতা ৰাখে।”
উল্লেখ্য যে, শক্তিশালী নীতিগত সমৰ্থন, দ্ৰুত নগৰায়ন, বৃদ্ধি পোৱা ব্যয় শক্তি, আৰু বৰ্ধিত ডিজিটেল অন্তৰ্ভূক্তিৰ দ্বাৰা পৰিচালিত ভাৰতৰ সেৱাভিত্তিক অৰ্থনীতিয়ে ২০৪৭ চনৰ ভিতৰত আৰু ইয়াৰ পিছতো জিডিপি আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত আগবাঢ়ি থাকিব বুলি আশা কৰা হৈছে। বিশেষকৈ যোৱা কেইবছৰমানৰ পৰা টেলিকম, স্বাস্থ্যসেৱা, দ্ৰুত বাণিজ্য, আৰু লজিষ্টিক খণ্ডত লাভ বৃদ্ধিৰ গতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আনহাতে ফিনটেক, মিডিয়া, আৰু আতিথ্য উদ্যোগো দ্ৰুত সম্প্ৰসাৰণৰ পথত আগবাঢ়িছে।
এক্সিছ এ এম চিৰ মুখ্য বিনিয়োগ বিষয়া (চি আই অ’) আশীষ গুপ্তাই কয়, “সেৱা খণ্ড ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰবিন্দু হিচাপে উত্থিত হৈছে। এই কথা মনত ৰাখি এক্সিছ চাৰ্ভিচেছ অ’পৰ্চুনিটিজ ফাণ্ডৰ জৰিয়তে আমি এনে কোম্পানী চিনাক্ত কৰাৰ লক্ষ্য লৈছো যিবোৰ কেৱল আকাৰত ডাঙৰ নহয়, বৰঞ্চ বহনক্ষম প্ৰতিযোগিতামূলক সুবিধা আৰু দক্ষ মূলধন ব্যৱহাৰো আছে।” তেওঁ লগতে কয়, “আমি বিশ্বাস কৰোঁ যে গুণগত উপাৰ্জন আৰু শক্তিশালী ৰিটাৰ্ণ অনুপাতৰ ওপৰত গুৰুত্ব আৰোপ কৰি ষ্টক নিৰ্বাচনৰ ক্ষেত্ৰত অনুশাসিত আৰু বটম-আপ পদ্ধতিয়ে এই বৈচিত্ৰময় আৰু গতিশীল সেৱা খণ্ডৰ সূক্ষ্ম সুযোগসমূহৰ মূলধন হিচাপে ব্যৱহাৰ কৰাত সহায় কৰিব। এই পুঁজিয়ে সেৱা উদ্যোগৰ এক বহল পৰিসৰত বিনিয়োগ কৰি সামঞ্জস্যপূৰ্ণ আৰু বিপদ-সামঞ্জস্যপূৰ্ণ ৰিটাৰ্ণ প্ৰদান কৰিব বিচাৰিব। ইয়াৰ দ্বাৰা ভাৰতৰ দীৰ্ঘম্যাদী গাঁথনিগত পৰিৱৰ্তন সেৱাকেন্দ্ৰিক অৰ্থনীতিৰ দিশত আমাৰ দৃঢ় বিশ্বাস প্ৰতিফলিত হয়।’’




