● দৃশ্যটো কোন ঠাইৰ সঠিকভাৱে কোৱা অসুবিধা! আনন্দ ফুৰ্তিৰো সীমাবদ্ধতা থকাৰ প্ৰয়োজন আছে। কিন্তু এটা কথা স্পষ্ট যে, এনেবোৰ দৃশ্যপটৰ আঁৰত লুকাই থকা বিষয়টো হৈছে সুৰা বা নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন। বৈধ আৰু অবৈধ দুয়োধৰণে প্ৰচলন। যিয়ে আমাৰ সাংস্কৃতিক-আধ্যাত্মিক সকলো দিশতে বিৰূপ প্ৰভাৱ পেলাইছে। উঠি অহা প্ৰজন্মৰ একাংশই এনেবোৰ দৃশ্য দেখি আপ্লুত হোৱাৰ লগতে আকৃষ্ট হৈ এনে কৰ্ম কাণ্ডবোৰ কৰিবলৈ আৰম্ভ কৰিছে যেন অনুমান হয়। আমাৰ সমাজ ব্যৱস্থা কোন দিশলৈ গৈ আছে বুলি আমি প্ৰশ্ন কৰোঁ ঠিকেই, কিন্তু উত্তৰ দিবলৈ উত্তৰ দিওঁতাৰ অভাৱ নেকি? এই দৃশ্য প্ৰত্যক্ষ কৰা বহুজন আছে, বাধা কোনে দিব! কি বিহু, কি পূজা, কি হোলী বা অন্যান্য যিকোনো ধৰণৰ অনুষ্ঠানত সম্প্ৰতি এনেবোৰ দৃশ্য অতিকে সুলভ হৈ পৰিছে।
এইসকল যুৱক-যুৱতীও এদিন হয়তো কাৰোবাৰ পিতৃ-মাতৃ হ’ব, তেওঁলোকে নিজ সন্তনাক কি শিক্ষাৰে উদ্বুদ্ধ কৰিব, সেয়াও এক প্ৰশ্ন। যাৰ বাবে যোৱা কেইটা দিনৰ যিসমূহ ঘটনাক্ৰম শুনিছোঁ বা দেখিছোঁ পুনঃ যে নঘটিব তাৰ কোনো যুক্তিযুক্ততা নাই। বৰ্তমান আইন-শৃংখলা যেন নোহোৱা হৈ পৰিছে। অতীতৰ সমাজ ব্যৱস্থা এক কঠোৰ নিয়মৰ মাজেৰে প্ৰচলিত হৈ আহিছিল, আৰু আজি…???




