◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ কৰা হৈছে। মাধ্যমিক শিক্ষাৰ বাবে ৭, ৮ আৰু ৯ আগষ্টত আবেদন পত্ৰ বিতৰণ কৰা হ’ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলি ১০০০ টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলি ১,২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বিএডৰ ছাত্ৰীয়ে মাহিলি ২,৫০০ টকাকৈ লাভ কৰিব।
ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক দহ মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত ২০২৪-২৫ বৰ্ষত এক লাখ ৬০ হাজাৰ ছাত্রীক ১৩৩ কোটি টকা বিতৰণ কৰা হৈছিল। ২০২৫-২৬ বৰ্ষত ৪ লাখ ছাত্ৰীক নিযুত মইনা আঁচনিত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখযোগ্য যে উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে।





