ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম লিডাৰ আয়াতুল্লা আলি খামেনেৰ ঘনিষ্ঠ উপদেষ্টা আলি ছাদমানীৰ তেহৰানৰ এটা কমাণ্ড চেণ্টাৰত হোৱা বিমান আক্ৰমণত মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে। শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চীফ অব্ ষ্টাফৰ মৃত্যু হোৱাৰ পাছতেই ছাদমানীয়ে দেশখনৰ খতম-অল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ নেতৃত্ব লৈছিল।
ইৰাণৰ ছাইবাৰ সুৰক্ষা কমাণ্ডে ইজৰাইলে দেশখনৰ ডিজিটেল আন্তঃগাঁথনিক লক্ষ্য কৰি ব্যাপক ছাইবাৰ যুদ্ধ চলোৱা বুলি অভিযোগ কৰিছে। ইয়াৰ ফলত দেশখনৰ যাৱতীয় সেৱাসমূহ ব্যাহত হৈছে বুলি ইৰাণৰ এটা সংবাদ সংস্থাই প্ৰকাশ কৰিছে।
ইপিনে, কানাডাত অনুষ্ঠিত G-7 সন্মিলনে গাজাত যুদ্ধ বিৰতিকে ধৰি মধ্য প্রাচ্যত হিংসাৰ অন্ত পেলোৱাৰ বাবে সামূহিক আহ্বান জাৰি কৰিছে।
Leave a Reply