31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    আৰ্থ সামাজিক উন্নয়ন আৰু  জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ  সজাতি দল পৰিদৰ্শন ব্ৰহ্মপুত্ৰ দাতিকাষৰীয়া অঞ্চল : 

     

    দেওবাৰে সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ এটা সজাতি দলে ৰাংছালী নদী কাষৰীয়া অঞ্চল সমূহ পৰিভ্ৰমণ কৰি গাঁৱলৈ বনৰীয়া হাতীৰ প্ৰৱেশত প্ৰতিৰোধ কৰাৰ উপায় সম্পৰ্কে স্থানীয় খেতিয়ক সকলৰ সৈতে আলোচনাত মিলিত হয় দলটো।

    আলোচনা সময়তে কৃষক সকলে জানিবলৈ দিয়ে ৰাংছালী নদী কাষৰীয়া অঞ্চল সমূহলৈ সন্ধিয়া হোৱা লগে লগে বনৰীয়া হাতীৰ জাকটো খাদ্য সন্ধানত ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা নামি আহি গাওঁ সমূহলৈ ধাপলি মেলে।

    ইফালে নিশাটো গাওঁৰ বিভিন্ন ঠাইত হাতী জাকটো থকা পাছত পুৱাই পুনৰ হাতী জাকটো বিহালী বনাঞ্চলৰ বেদেতী অভিমুখে ৰাওনা হয়৷

    বহু লোকৰ খেতি নষ্ট কৰি পেলোৱা বুলি প্ৰকাশ কৰে স্থানীয় কৃষকে ।

    যোৱা দুবছৰৰ আগত বনবিভাগ আৰু স্থানীয় বিধায়কে হাতী পাৰ হ’ব নোৱাৰাকৈ নদীৰ পাৰে পাৰে বৈদ্যুতিক ঝাটকা তাঁৰৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান অধিকাংশ স্থানতে তাঁৰ সমূহ নষ্ট হৈ গৈছে আৰু বেটেৰী চালিত মেচিনটো কিছু বিকল হৈ আছে বুলি জানিব পৰা গৈছে৷
    স্থানীয় খেতিয়ক তৰুণ দাসে জানিবলৈ দিয়ে ৰাংছালী অঞ্চলৰ কৃষক সকলৰ খেতি সুৰক্ষা কৰিবলৈ প্ৰায় 70-80 কি:গ্ৰা: মান তাঁৰ আৰু মেচিনটোৰ লগতে বেটেৰীটোৰ সামান্য মেৰামতি কৰি দিলেই উক্ত সমস্যাটোৰ সমাধান হ’ব বুলি প্ৰকাশ কৰে।

    বন বিভাগে এইক্ষেত্ৰত কোনোধৰণৰ সহযোগিতা নকৰা কথাও প্ৰকাশ কৰে স্থানীয় কৃষক সকলে।

    আনহাতে সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিয়ে উক্ত ব্যৱস্থাখিনি নিজাববীয়াকৈ বহন কৰি অতি সোনকালে সমস্যাটো সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

    সজাতি দল টো সৈতে সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকা,মুখ্য উপদেষ্টা ৰঞ্জন বনিয়া,কাৰ্যকৰী সভাপতি সঞ্জীৱ কুমাৰ দাস ,সহ সম্পাদক উদয় দাস,সক্ৰিয় সদস্য তুলতুল দাস ,যুৱ সাংবাদিক পলাশ প্ৰিয়ম দাস,বৃতান্ত দাস ,কুশল দাসকে ধৰি বহুকেইজন সদস্য আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক জিন্টু দাস,সহ:সম্পাদক মানসজ্যোতি হাজৰিকা ,প্ৰচাৰ সম্পাদক পলাশ দাস,সাংগাঠনিক সম্পাদক হেমন্ত দাসৰ লগতে বহু কেইজন সদস্য৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds