Tuesday, August 26, 2025
33.7 C
Guwahati
TOP NEWS:

অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

- Advertisement -

অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ১০ হাজাৰ ৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান ১ লাখ ৮০ হাজাৰ মেট্রিক টন ইউৰিয়া উৎপাদন হোৱা এই সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো কার্যক্ষম হ’লে ১২ লাখ মেট্রিক টন ইউৰিয়া আৰু এম নিয়া উৎপাদন কৰা হ’ব।

মন্ত্রীসভাই লগতে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু গাঁৱত সোণোৱাল অংশ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সংশোধনৰ বাবে অনুমোদন জনায়। উত্তৰ গুৱাহাটীৰ ৰংমহলত এখন অত্যাধুনিক ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ আবণ্টনত মন্ত্ৰীসভাই অনুমোদন দিয়াৰ লগতে ভূমি অধিগ্ৰহণৰ বাবে ৮০ কোটি টকাও অনুমোদন দিয়ে। এই ন্যায়িক টাউনশ্বিপৰ বাবে ৭৫ বিঘা মাটিৰ প্ৰয়োজন হ’ব। মন্ত্রীসভাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ত আবেদন কৰিবলৈ মন্দিৰ, নামঘৰ, ক্লাব, সাংস্কৃতিক অনুষ্ঠান- প্রতিষ্ঠানক সমিতিসমূহৰ পঞ্জীয়ন নালাগে বুলি সিদ্ধান্ত গ্রহণ কৰে। তদুপৰি ৰাজ্যৰ ছখন জিলাত গ্রাম্য যাতায়ত ব্যৱস্থা উন্নীতকৰণৰ বাবে নাবাৰ্ডৰ অধীনত ১৪টা গ্রাম্য পথ প্রকল্প নির্মাণতো মন্ত্রীসভাই অনুমোদন জনায়।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

Related Articles

Popular Categories

Assam
overcast clouds
31.7 ° C
31.7 °
31.7 °
71 %
1.9kmh
100 %
Tue
32 °
Wed
33 °
Thu
32 °
Fri
26 °
Sat
27 °