31.3 C
Guwahati
Thursday, October 30, 2025
More

    শেহতীয়া আপডেটঃ

    অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত “ভৱিষ্যতক আকৰ্ষণ কৰা: উৎপাদনক্ষেত্রত  উদ্যোগ ৪.০ ৰ অন্বেষণ কৰা” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

    মাতৃভাষাতো কাৰিকৰী শিক্ষাৰ জ্ঞান আদান প্ৰদান কৰাটো সম্ভৱ—অধ্যাপক মনোৰঞ্জন কলিতা

    গুৱাহাটী, ৩১ আগষ্ট: অসম ডন বস্ক’ বিশ্ববিদ্যালয়ে ৩০ আগষ্টৰ পৰা ৩১ আগষ্টলৈ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত অসমীয়া ভাষাত “ভৱিষ্যতক আকৰ্ষণ কৰা: উৎপাদনক্ষেত্রত  উদ্যোগ ৪.০ ৰ অন্বেষণ কৰা” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰে । এই আলোচনা চক্ৰখন সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ভাৰতীয় ভাষা উন্নতিসাধন আৰু উৎকৰ্ষৰ পোষকতা (AICTE-VAANI) আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্ৰিক আৰু অসামৰিক অভিযান্ত্ৰিক বিভাগে যুটীয়াভাৱে আয়োজন কৰে ।  এই দুদিনীয়া আলোচনা চক্ৰখনৰ মূল লক্ষ্য আছিল শিক্ষাৰ্থীসকলক উদ্যোগ ৪.0 ৰ বিভিন্ন বিষয়ৰ ওপৰত সম্যক জ্ঞান প্ৰদান কৰি উদ্ভাৱন আৰু উদ্যমিতাৰ দিশত আগবাঢ়ি যোৱাত পথ প্ৰদৰ্শন কৰা । এই আলোচনাচক্ৰখনত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আদিকে কৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ৬০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে ।

          আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেল্লানাট, প্রাঙ্গণ কাৰ্য্যবাহী ফাডাৰ থ’মাছ লাকৰা , বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতা, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

          আলোচনা চক্ৰখনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, অধ্যাপক কৰুণা কলিতা, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক সুনন্দন বৰুৱা, চেলকো ফাউণ্ডেচনৰ শ্ৰীমতী কাকলি কলিতা, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সহযোগী প্ৰবক্তা ড° শান্তনু মোহন ডেকা, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ  সহকাৰী অধ্যাপক ধীমান ভূঞা, ভাৰত চৰকাৰৰ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ উত্তৰ-পূব অঞ্চলৰ  উদ্ভাৱন পৰিচালক ড॰  হীৰক ৰঞ্জন দাস আৰু অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ববী শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকে ।

            অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই আলোচনা চক্ৰখনৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কয় যে, “আলোচনা চক্ৰখনৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে উদ্ভাৱন আৰু উদ্যমিতাৰ বিষয়ে জ্ঞান লাভ কৰাৰ লগতে উদ্যোগ ৪.0  ৰ বিষয়ে এক সম্যক জ্ঞান লাভ কৰে । মাতৃভাষাতো কাৰিকৰী শিক্ষাৰ জ্ঞান আদান প্ৰদান কৰাটো সম্ভৱ। এই কথাটো উৎপাদনক্ষেত্রত  উদ্যোগ ৪.০ ৰ অন্বেষণ  শীৰ্ষক আলোচনাচক্ৰত প্ৰতীয়মান হৈছে । সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে নিজৰ মাতৃভাষাত কাৰিকৰী শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বাবে আমি ধন্যবাদ জনাইছো”।

           আলোচনা চক্ৰখনৰ সমন্বয়ক অধ্যাপক বিক্ৰমজিৎ কাকতি আৰু সহ সমন্বয়ক ড০ বুলজিৎ বুঢ়াগোহাঁয়ে পৰিচালনা কৰা  “ভৱিষ্যতক আকৰ্ষণ কৰা: উৎপাদনক্ষেত্রত  উদ্যোগ ৪.০ ৰ অন্বেষণ কৰা” শীৰ্ষক আলোচনাচক্ৰখনত উদ্যোগ ৪.০ ৰ বিভিন্ন দিশৰ ওপৰত মূল্যৱান অন্তৰ্দৃষ্টি লা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds