31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    অসমীয়া বিজ্ঞান সাহিত্যলৈ ক্ষীৰধৰ বৰুৱাৰ অৱদান ঃ “অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ”ৰ উন্মোচন

    অসমীয়া বিজ্ঞান সাহিত্যলৈ ক্ষীৰধৰ বৰুৱাৰ অৱদান ঃ “অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ”ৰ উন্মোচন

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৬ জানুৱাৰী ঃ অসমৰ স্বনামধন্য বিজ্ঞানী, বিশিষ্ট বিজ্ঞান লেখক, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী ড০ কুলেন্দু পাঠকৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজ্ঞান সাহিত্যৰ ভড়াল চহকী কৰি উন্মোচন কৰা হয় ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’।

    ২০০৪ চনত বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক, উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান কাৰ্টুন ‘ছায়েন্টুন’ৰ বাটকটীয়া ক্ষীৰধৰ বৰুৱাৰ এটা দশকৰ একক প্ৰচেষ্টাৰ ফচল ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’। ১৩৪৬ পৃষ্ঠাৰ বিজ্ঞানৰ ১৬টাৰো অধিক বিষয়ৰ ৭৩,০০০টাৰো অধিক ইংৰাজী প্ৰৱিষ্টি অন্তৰ্ভুক্ত কৰা বিশ্বকোষীয় সচিত্ৰ পৰিভাষাকোষখন বনলতাই প্ৰকাশ কৰি উলিয়াইছে । কভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠাপক, বিশিষ্ট বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট পৰিৱেশ বিজ্ঞানী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ অৱনী ভাগৱতী, অসম বিজ্ঞান সমিতিৰ সভাপতি ড০ মোহন চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ সমন্বয়ক ৰিপুঞ্জয় বৰদলৈ, বিশিষ্ট শিক্ষাবিদ ড০ সন্ধ্যা পাঠকৰ দৰে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ড০ কুলেন্দু পাঠকে উন্মোচনী কাৰ্য সমাপন কৰে । গ্ৰন্থখন উন্মোচন কৰি কুলেন্দু পাঠকে কয় যে “মোৰ ছাত্ৰ ক্ষীৰধৰ বৰুৱাই প্ৰণয়ন কৰা অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষে অসমীয়া বিজ্ঞান সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰিব”। আনহাতে বিশিষ্ট বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে সাংবাদিকক জনাই যে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে সমিতিৰ সচিব ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰচেষ্টা আৰু তত্ত্বাৱধানত ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ নামেৰে বৈজ্ঞানিক পৰিভাষাৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল । পাচটা দশকৰ পিছত ক্ষীৰধৰ বৰুৱাৰ একক প্ৰচেষ্টাত প্ৰাণ পাই উঠা পূৰ্ণাংগ পৰ্যায়ৰ পৰিভাষাকোষখনে বিজ্ঞানৰ ১৬টাকৈ বিষয় সাঙুৰি লোৱাটো বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে অভূতপূৰ্ব সফলতা বুলি ক’ব পাৰি । অসম বিজ্ঞান সমিতিৰ সভাপতি ড০মোহন চন্দ্ৰ কলিতা আৰু ড০ অৱনী কুমাৰ ভাগৱতীয়ে পৰিভাষাকোষখনে বিজ্ঞানৰ ন-পুৰণি লেখক, অনুবাদক, পাঠ্যপুথিৰ ৰচক, সাংবাদিক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি মত ব্যক্ত কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পৰিভাভাষাকোষখনৰ প্ৰণেতা ক্ষীৰধৰ বৰুৱাই জনায় যে নতুন লেখকসকলক বিজ্ঞান লেখাৰ কলা-কৌশল সম্পৰ্কে জনাত সহায়ক হোৱাকৈ পৰিশিষ্টত ‘বিজ্ঞান-সাহিত্যঃ কি, কাৰ বাবে, কেনেকৈ লিখিব’ সন্নিৱিষ্ট কৰাটো এক উল্লেখনীয় দিশ বুলি আঙুলিয়াই দিয়ে ।সম্প্ৰতি অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষখন ‘অসম গ্ৰন্থমেলা’ৰ বনলতা বুক ষ্টলত উপলব্ধ বুলি প্ৰকাশকৰ ফালৰপৰা জনাইছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds