লেখক Dibran Fylli ৰ “HE IS ALIVE – Prekazi, Brave Generation” হৈছে অতি ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বপূৰ্ণ সাহিত্যিক ৰচনা। সংস্কৃতিৰ এজন ৰাষ্ট্ৰদূত হিচাপে (বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত, ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংসদৰ সহযোগত), দুবছৰ পূৰ্বে আৰম্ভ কৰা পদক্ষেপৰ বাবেই ইয়াক বহু বিদেশী ভাষা আৰু দেশত অনুবাদ আৰু প্ৰকাশ কৰা হৈছে, এতিয়া এই গ্ৰন্থখন বহু আলোচনী, বাতৰি কাকত, অনলাইন কিতাপৰ দোকানত উপস্থিত আৰু অনুবাদ অব্যাহত আছে। এই গ্ৰন্থখন অনুবাদ কৰিবৰ বাবে ৰাজশ্ৰী সেনাপতি গগৈ ক কবি, লেখক, সাংবাদিক শ্ৰদ্ধাৰ এঞ্জলা কোষ্টা ডাঙৰীয়ানীয়ে আগষ্টত মাহৰ ২০২৪ চনতে অনুৰোধ জনাইছিল। পাৰিব নে নোৱাৰিব চিন্তা হৈছিল তেখেতৰ, কিন্তু এনে এটি প্ৰস্বাৱ পোৱাৰ বাবে আগ্ৰহেৰে গ্ৰহণ কৰিলে।

চেওঁতে চাওঁতে কিন্তু গ্ৰন্থখনি সম্পূৰ্ণ হৈ উঠিলে। তেওঁলোকে এই গ্ৰন্থখন বিভিন্ন ভাষালৈ অনুবাদ কৰাই Ministry of Culture ৰ signatory হিচাপে প্ৰকাশ কৰাইছে। এই সুন্দৰ এটি প্ৰকল্পৰ তেওঁ সহযোগী হ’ব পায় বৰ উৎফুল্লিত হৈছে। যিহেতু এই গ্ৰন্থখন আমাৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছোঁ। আমাৰ অসমীয়া ভাষাৰ অনুবাদ এখনি আন্তৰাষ্ট্ৰীয় লেখকৰ, তেওঁৰ হাতাৰে অনুবাদ, হোৱাৰ বাবে তেওঁ নিশ্চিতভাৱে আনন্দিত। এই গ্ৰন্থখন অনুবাদ কৰা হৈছে বৰ্তমান ১৬টা ভাষালৈ
: ক্ৰীছ চেন (চীনা), পেমি সন্ধু – পাৰবিন্দৰ নাগী (পাঞ্জাবী), নাছিৰ আইজাজ (উৰ্দু), ৰাজশ্ৰী সেনাপতি গগৈ (অসমীয়া), হাছানে য়াৰতি (আৰবী), আইৰিছ কেলিফ (হিব্ৰু), ইয়াং গিউম-হী (কোৰিয়ান) আদি
“তেওঁ জীয়াই আছে – সাহসী প্ৰজন্মৰ প্ৰেকাজি” ৰচনাখনে ক’ছ’ভ’ যুদ্ধৰ সময়ত আলবেনিয়ান প্ৰতিৰোধৰ অন্যতম শক্তিশালী প্ৰতীক আদেম জাছাৰীৰ কিংবদন্তি ব্যক্তিত্বক উন্নীত কৰে। এই গ্ৰন্থখন যোৱা মাহত প্ৰকাশ পোৱা শেহতীয়াকৈ তৃতীয়টো পুনৰ্মুদ্ৰণে (ইতিমধ্যে ১৬টা ভাষালৈ অনুবাদ কৰা) এই কিতাপখনৰ প্ৰতি আন্তৰ্জাতিক আগ্ৰহ বৃদ্ধি পোৱাই নহয়, ডিব্ৰাণ ফিলিৰ আখ্যানে বিশ্বৰ পাঠকৰ ওপৰত যি গভীৰ প্ৰভাৱ পেলাইছে তাৰ সাক্ষ্যও দিয়ে। এই ছেগতে তেওঁ আন্তৰাষ্ট্ৰীয় লেখক , কবি, সাংবাদিক শ্ৰদ্ধাৰ এঞ্জলা কোষ্টা আৰু লেখক, অভিনেতা ডিব্ৰন ফিলি ডাঙৰীয়ালৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছে । অসমীয়া ভাষালৈ অনূদিত এই গ্ৰন্থখন ঐতিহাসিক গ্ৰন্থ অনুবাদ কৰা হৈছে অসমৰ কবি, লেখক, অনুবাদক, সাহিত্য ৰাষ্ট্ৰদূত ৰাজশ্ৰী সেনাপতি গগৈয়ে লৈ আহে অসমৰ বাবে এটি ভাল খবৰ।



