Tuesday, July 1, 2025
26.7 C
Guwahati
TOP NEWS:

৩১ ডিচেম্বৰৰ ভিতৰত আপোনাৰ যান-বাহনৰ নথিপত্ৰ পৰীক্ষা আৰু নৱীকৰণ কৰকঃ ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ

- Advertisement -

গুৱাহাটীঃ চলিত বৰ্ষৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ ২৬টা দিন৷ এটা নতুন বছৰৰ সন্মুখত এই দিনকেইটা সকলোৰে বাবে ব্যস্ততাৰে ভৰা। বিভিন্ন উৎসৱ-অনুষ্ঠানৰ উপৰি এয়া বনভোজৰ আনন্দ উপভোগৰ সময়। সেয়ে এইসময়ত সকলো শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতে যানবাহন ব্যৱহাৰো অধিক হয়৷ ইফালে জাৰকালিৰ সময়চোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে। ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যায়ো সাধাৰণতে বৃদ্ধি পায়।

সেয়ে বাহনৰ হৰ্ণ, চকা, লাইট আদিৰ উপৰি অনান্য যন্ত্ৰপাতি পৰীক্ষা কৰাৰ লগতে বাহনৰ নথিপত্ৰৰ পৰীক্ষা আৰু নৱীকৰণ কৰাটো অত্যন্ত প্ৰয়োজন। যান্ত্ৰিক বিজুটি থাকিলে বাহন এখন চলোৱাটো যিদৰে অসম্ভৱ, সেইদৰে সঠিক নথিপত্ৰ নাথাকিলে বাহনখন নিৰ্ভয় আৰু সুৰক্ষিতভাৱে চলোৱা অসম্ভৱ। বাহনৰ এই নথিপত্ৰসমূহ আচলতে মানুহৰ জীৱন কুণ্ডলীৰ দৰে। সেয়ে এটা নতুন বছৰৰ সন্মুখত অৰ্থাৎ আগন্তুক ৩১ডিচেম্বৰৰ ভিতৰত আপোনাৰ যানবাহনৰ নথিপত্ৰসমূহ পৰীক্ষা আৰু নৱীকৰণ কৰক৷ যদিহে আপুনি সময়মতে যানবাহনৰ কৰ আদায় দিয়া নাই তেন্তে বকেয়াসহ যাৱতীয় সকলো কৰ অনতিপলমে আদায় দিয়ক।

এই বিনম্ৰ আহ্বান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ৷ তেওঁ কয় যে নতুন-পুৰণি দুটা বছৰৰ এই ব্যস্ততাময় সময় আৰু নিশা হলেই কুঁৱলীৰ ডাঠ আচ্ছাদনে সন্মুখৰ পথ মনিব নোৱাৰা হোৱা বিপজ্জনকভাৱে অৱস্থাত কোনো পথ-দুৰ্ঘটনাই যাতে কাৰো জীৱনলৈকে বিষাদ কঢ়িয়াই আনিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাইছে।

ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথিপত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে। এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক৷ প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক। চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্তকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে৷

Hot this week

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
2.5kmh
100 %
Tue
33 °
Wed
30 °
Thu
30 °
Fri
29 °
Sat
26 °