শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাবুৱাস্থিত বেতমেলা খেলপথাৰত প্ৰীতি ক্ৰিকেট

♦ ডিডিআৰ মহাবিদ্যালয়ৰ জয়লাভ

চাবুৱাঃ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাবুৱাস্থিত বেতমেলা খেলপথাৰত বৃহস্পতিবাৰে দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয় (ডিডিআৰ) আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ খেলখনত দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ক ৪৫ ৰাণত পৰাস্ত কৰে৷

টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ে নিৰ্ধাৰিত ১২ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ১৩৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ অভিলাশ দাসে ২১ আৰু ধ্ৰুৱ মিৰ্ধাই ১৮ ৰান সংগ্ৰহ কৰে৷ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ তনুজ শইকীয়াই ৪ টা আৰু দীপাংকৰ কোঁৱৰে ২টা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নমা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে নিৰ্ধাৰিত অভাৰত ৯ টা উইকেট হেৰুৱাই ৯১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷

প্ৰতিষ্ঠানটোৰ হৈ তনুজ শইকীয়া আৰু ৰূপজিত্‍ গগৈয়ে সৰ্বোচ্চ ২৯ ৰাণকৈ সংগ্ৰহ কৰাৰ বিপৰীতে বাকীসকল বেটছমেনে বিশেষ অৱদান আগবঢ়োৱাত ব্যৰ্থ হয়৷ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ কল্পজিত্‍ গোহাঁয়ে য়ে ৪টা আৰু দুৰ্লভ বৰুৱাই ২টা উইকেট দখল কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.