মন্ত্ৰী ভবেশ কলিতাই একেটা দিনতে শুভাৰম্ভ কৰিলে কেবাটাও পথৰ

■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই আজি কেইবাটাও পথৰ শুভাৰম্ভ কৰি ৰঙিয়াৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰাৰ সূচনা কৰে।

এই পথসমূহ হ’ল- ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ২০১৮-১৯ বর্ষৰ এছ.অ.পি.ডি (জি) শিতানৰ অধীনত আৰ.ডি. ৰোডৰ পৰা বালিসত্ৰলৈ যোৱা পথটি, ২০২০-২১ বর্ষৰ এছ.অ.পি.ডি(জি) শিতানৰ অধীনত আৰ.ডি. ৰোডৰ তৰণীৰ পৰা যজ্ঞ মন্দিৰ লৈ যোৱা পথটি, কেঁকুৱাহাটী বাথৌ মন্দিৰৰ পৰা নোনা নদীৰ মথাউৰীৰে ঘগাজানৰ ওপৰত থকা কাঠৰ দলংখনৰ, জামতোলা চকৰ পৰা বিচেন্নালা জজ্ঞ মন্দিৰলৈ যোৱা পথটি উন্নিতকৰণৰ, জামতোলা চ’কৰ পৰা তেলাৰা শিৱ মন্দিৰলৈ যোৱা পথটি,ৰঙিয়া ধমধমা ৰোডৰ পৰা গুৰকুছি হৈ গৰিয়াকোঠৰ তেলাৰা নকুছিলৈ যোৱা পথটি, অ’ল্ড এন. টি ৰোডৰ পৰা শিৱমন্দিৰৰ সন্মুখলৈ যোৱা পথটি,ৰঙিয়া গোৰেশ্বৰ পথৰ পৰা মিলনপুৰ হৈ খৈৰাবাৰীলৈ যোৱা পথটি,দীপ্তেশ্বৰী মন্দিৰৰ পথৰ পৰা খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথটি, ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা দীপ্তেশ্বৰী মন্দিৰলৈ যোৱা পথটি, ৩১ নং ৰাষ্ট্রীয় ঘাই পথৰ পৰা গড়কা সভাগৃহ হৈ গড়কা নামঘৰলৈ যোৱা পথটি,৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা কলনী সমীপলৈ যোৱা পথটি, কেন্দুকোনা কনিহা পথটি, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰে’ড হৰ্ণচ্ সেনা শিবিৰৰ কাষৰে যোৱা পথটি, কেন্দুকোনা ৰেলগেটৰ পৰা কৰ্টাখাট কানিকুছিৰ লগতে ৰঙিয়া হাজো পথৰ (কৰটাখাটৰ পৰা ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা চেপ্তি লৈ যোৱা পথচোৱা) পকীকৰণৰ লগতে চেপ্তি বিহদিয়া পথচোৱা তথা সমষ্টিটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ পথ।

শুভাৰম্ভ অনুষ্ঠানত উত্তৰ কামৰূপ ক্ষেত্ৰীয় সংমণ্ডল, লোক নিৰ্মাণ বিভাগৰ উচ্চপদস্থ বিষয়ববীয়াৰ লগতে বহু সংখ্যাক স্থানীয় গণ্য মান্য লোক উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.