অসমৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ আজি জন্মদিন। ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰ লাচিত শৰাইঘাট ৰণৰ নায়ক আছিল। আজি সমগ্র ৰাজ্যখনত ৰজাঘৰ -প্ৰজাঘৰে এইগৰাকী মহান বীৰৰ জন্ম দিৱসটিত লাচিত দিৱসৰ কাৰ্যসূচী পালন কৰাৰ সময়তে ৰাজ্যিক বিজেপিৰ নিৰ্দেশত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত ১০২ টা বুথসহ বৰজাৱৰিহাটী গাঁৱতো এই দিৱসটি উদযাপন কৰা হয়।
এই উপলক্ষে বৰজাৱৰিহাটী বুথ বিজেপিয়ে আজি ৰাতিপুৱা স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা লাচিত দিৱসটিত অংশগ্ৰহণ কৰে ক্ৰমে শক্তি কেন্দ্ৰৰ আহ্বায়ক চামচুল আলীয়ে।
বিজেপি নেতা চামচুল আলীয়ে অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ উপৰিও নেতাগৰাকীয়ে ভাষণত আমি বৃহত্তৰ অসমীয়া জাতিয়ে ৰাজ্যখনক সকলো দিশতে আগুৱাই নিবলৈ হ’লে মহাবীৰ লাচিতৰ নীতি-আদৰ্শ গ্ৰহণ কৰি আগুৱাই যাব লাগিব বুলিও মন্তব্য আগবঢ়ায়।
১৯৩ বুথ বৰজাৱৰীহাটিৰ সভাপতি হবিবৰ ৰহমান আৰু সম্পাদক কহিনুৰ আলীৰ লগতে ভালেসংখ্যক কৰ্মীয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বীৰযোদ্ধা গৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী
Leave a Reply