Friday, May 16, 2025
27.3 C
Guwahati

বিশিষ্ট সাহিত্যিক অধ্যাপক অৰুণ কুমাৰ গোস্বামীক শংকৰদেৱ মহাবিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশিষ্ট সাহিত্যিক অধ্যাপক অৰুণ কুমাৰ গোস্বামীক শংকৰদেৱ মহাবিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান :

পথালী পাহাৰৰ শংকৰ দেৱ মহাবিদ্যালয়ত মঙলবাৰে জেষ্ঠ অধ্যাপক বিশিষ্ট লেখক, সমাজকৰ্মী শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীক শংকৰদেৱ মহাবিদ্যালয়ৰ শিক্ষকগোট আৰু ছাত্ৰ একতা সভাই অৱসৰ গ্ৰহনৰ বাবে বিদায় সম্বৰ্ধনা জনাই ।

 মহাবিদ্যলয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভা খনত উদ্বোধন কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোণাৰাম কলিতাই । বিদায় সম্বৰ্ধনাত অধ্যাপক গোস্বামীক সৰুদৈয়া জাপী, শৰাই,চেলেং ,সফুৰা, গামোছা আৰু কিতাপৰ টোপোলা আগবঢ়াই । জেষ্ঠ অধ্যাপক গৰাকীক জনোৱা সম্বৰ্ধনা অনুষ্ঠানটোত সম্পুৰ্ণ শংকৰী নৃত্য-গীতেৰে গোস্বামী দেৱক আদৰণী জনাই ।

অনুষ্ঠানত অঞ্চলটোৰ বহুটো অনুষ্ঠান -প্ৰতিষ্ঠানে বিশিষ্ট লেখক গৰাকীক সম্বৰ্ধনা জনোৱাৰ উপৰিও শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সম্বৰ্ধনা জনায় ।

সভাত মহাবিদ্যালয়ৰ ছাত্ৰ গোটে এখন ঈ-আলোচনী উন্মোচন কৰে বিশিষ্ট সাহিত্যিক শব্দ-খনিকৰ পূৰ্ণ বৰায়ে । প্ৰবীণ শইকীয়াই পৰিচালনা কৰা উক্ত অনুষ্ঠানটিত অধ্যাপক অৰুণ কুমাৰ গোস্বামীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে ।

অনুষ্ঠানৰ শেষত শিয়ালমৰা সত্ৰৰ ভক্ত সকলে গায়ন-বায়নে আদৰী লৈ যায় ।


নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা

- Advertisement -

Hot this week

Burberry is the First Brand to get an Apple Music Channel Line

Find people with high expectations and a low tolerance...

The Biggest Hollywood Celebrities Visit the Ranches of California

Find people with high expectations and a low tolerance...

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই...

10 Outfits Inspired by Famous Works of Art are Auctioned in London

Find people with high expectations and a low tolerance...

Topics

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds