—
গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে। অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত শিল্পী বঁটা প্ৰদান কৰা হ’ব লগতে বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰীক ২০২৫ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা, বিশিষ্ট শিক্ষাবিদ ড০ অমলেন্দু চক্ৰৱৰ্ত্তীক ২০২৫ বৰ্ষৰ গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকাক ২০২৫ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা, বিশিষ্ট চলচ্চিত্র নির্মাতা অৰূপ মান্নাক ২০২৫ বৰ্ষৰ ভবেন্দ্ৰনাথ শইকীয়া বঁটা আৰু অবনী ৰঞ্জন পাঠকক ২০২৫ বৰ্ষৰ বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ’ব।
শিল্পী সমৰ হাজৰিকাৰ জন্ম ১৯৪৯ চনৰ ১ জুনত। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই জ্যেষ্ঠ ভ্রাতৃ স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ বাদ্যযন্ত্ৰীৰূপে মঞ্চত কংগো বজাই নিজৰ সাংগীতিক জীৱনৰ পাতনি মেলিছিল। তেখেত আছিল ভূপেন-জয়ন্তৰ সংগীত অভিযানৰ বিশ্বস্ত সহযোগী। ছাত্ৰ অৱস্থাৰে পৰা তেখেত আকাশবাণীৰ ‘চেমনীয়া চ’ৰা’ অনুষ্ঠানৰ আৰু ১৯৮৭ চনৰ পৰা তেখেত আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ স্বীকৃতিপ্রাপ্ত শিল্পী।
বিশিষ্ট লোকশিল্পী ধনদা পাঠকৰ জন্ম ১৯৫৩ চনৰ ১ মাৰ্চত। বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা গীত গাবলৈ আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭৩ চনত কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পীৰূপে স্বীকৃতি লাভ কৰে। দেশে-বিদেশে লোকগীত পৰিৱেশন কৰা শিল্পীগৰাকীয়ে ১০০ ৰো অধিক কেছেটত কণ্ঠদান কৰিছে। ১৯৪২ চনৰ ২৮ আগষ্টত জন্মগ্রহণ কৰা মনেশ্বৰ দেউৰীয়ে ১৯৫৮ চনৰে পৰা বিভিন্ন কাকত আলোচনীত কবিতা, প্ৰৱন্ধ লিখাৰ লগেত প্রায় একুৰি গ্ৰন্থ ৰচনা আৰু বহু গ্ৰন্থ সম্পাদনাও কৰিছে।
ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য ড অমলেন্দু ভট্টাচার্যই বৰ্তমানলৈকে প্ৰায় ৬০ গৱেষণামূলক প্ৰৱন্ধ আৰু তিনিখন গ্ৰন্থ ৰচনা কৰাৰ লগেত ১১ খনৰো অধিক গ্ৰন্থ সম্পাদনা কৰিছে। ১৯৫০ চনত জন্মগ্ৰহণ কৰা কৰুণা ডেকাই বিভিন্ন নাট্যগোষ্ঠী, আকাশবাণী আৰু দূৰদৰ্শনৰ বাবে নাটক পৰিচালনা কৰাৰ লগতে প্ৰায় ১০০খন পুঠি ৰচনা কৰিছে। ৰাষ্ট্ৰীয় স্বীকৃতিপ্রাপ্ত চলচ্চিত্র নির্মাতা অৰূপ মান্নাই আইদেউ, অধ্যায়, আৰোহী, অনন্য, আৰু আমৃত্যু আদি কথাছবি নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰা অবণী ৰঞ্জন পাঠকে চলচ্চিত্র, তথ্যচিত্র, ধৰাবাহিক আৰু কেছেটৰ সংগীত পৰিচালনা কৰাৰ উপৰিও চলচ্চিত্ৰ পৰিচালনা আৰু চিত্ৰনাট্য ৰচনাও কৰিছে। তেখেত কেবাখনো উপন্যাস, কবিতা পুথি আৰু ভ্ৰমণ কাহিনীৰো লেখক।



