31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে অক্সিজেন গেছ তৈয়াৰী যন্ত্ৰ

    ♦আজি ৰঙাপৰাত গুৰুদ্বৱাৰত শ্ৰীগুৰু সিং সভাত স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে অক্সিজেন গেছ তৈয়াৰী যন্ত্ৰ। দিনৰ ১ টা মান বজাত আন্তঃৰাষ্ট্ৰীয় সংগঠন খালছা এইডে প্ৰদান কৰা অক্সিজেন গেছ তৈয়াৰী যন্ত্ৰ ৰাইজৰ সেৱাৰ বাবে বিধায়কক অৰ্পণ কৰাত ঘোৰামাৰী স্থিত আদৰ্শ চিকিৎসালয়ত প্ৰদান কৰিবলৈ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আয়োজক সমিতিক আহ্বান জনায়।
    সদৌ অসম শিখ যুৱ সন্থা তেজপুৰ শাখাৰ উদ্যোগত অনুষ্ঠিত সভাত ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ৰ মূখ্য চিকিৎসক ডাঃ দিলিৰাম অধিকাৰি, গুৰুদ্বাৰা শ্ৰী গুৰু সিং সভাৰ সভাপতি জগমিত সিং, সম্পাদক পবিন্দ্ৰ পাল সিং, বিজেপি নগৰ মণ্ডলৰ সভাপতি স্বপন ধৰ,যূৱ মৰ্চাৰ সভাপতি ভূষণ চৌধুৰী, বিক্ৰম নাথ আৰু বহু গন্য মান্য ব্যাক্তিয়ে অংশগ্ৰহণ কৰে। বিধায়ক কৃষ্ণ কমল তাতীয়ে নিজৰ ভাষনত কয় যে প্ৰকৃতিয়ে অক্সিজেন দিয়ে কিন্তু বৰ্তমান সময়ত অক্সিজেনৰ নাটনিয়ে বহু ব্যাক্তি অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।
    কৰোনা মহামাৰীয়ে আমাক বহু কথা শিকাই থৈ গ’ল। বহু চিনাকি অচিনাকি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গল। খালছা এইডে প্ৰদান কৰা এনেধৰণৰ অক্সিজেন গেছ তৈয়াৰী যন্ত্ৰৰ দ্বাৰা বহু লোকে সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। এনেধৰণৰ যন্ত্ৰ অসমৰ প্ৰত্যেক খন গুৰুদ্বাৰাত খালছা এইডে ৰাইজৰ সেৱাৰ বাবে প্ৰদান কৰিছে বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে।আজি পূৱা গুৰুদ্বাৰাত উপস্থিত হৈ বিধায়ক কৃষ্ণ কমল তাতীয়ে এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds