31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ উওৰ দিব ৰঙাপৰাৰ ভোটাৰ ৰাইজেঃ গৌৰৱ গগৈ

    মহাজোঁটৰ প্রাৰ্থী অভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ

    ■ ৰঙাপৰাঃ ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিৰ প্রথম পৰ্য্যায়ৰ নিৰ্ব্বাচনী প্রচাৰৰ অংশ হিচাপে আজি ৰঙাপৰা নগৰৰ ইউনিয়ন হলৰ খেল বাকৰিত দিনৰ ৪ বজাত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ মহাজোঁটৰ প্রাৰ্থী অভিজিত হাজৰীকাৰ নিৰ্বাচনী প্রচাৰ নিৰ্বাচনী।

    সভাত উপস্থিত হৈ গৌৰব গগৈয়ে উল্লেখ কৰি কয় যে বিজেপিৰ শাসনত নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, মিলাপ্রীতিৰ অভাব আমি দেখিবলৈ পাইছোঁ। সেয়েহে এইবাৰ কংগ্রেছৰ চৰকাৰ গঠন হলে কংগ্রেছৰ চৰকাৰে ৫টা গেৰান্টী লৈ আহিব য’ত থাকিব চৰকাৰী চাকৰি, শ্রমিকৰ মজুৰী, মহিলাৰ সবলীকৰণ, বিনামূলীয়া ২০০ ইউনিট বিদ্যুৎ আদি।

    তাৰোপৰি তেওঁ বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কা আইন কংগ্রেছৰ চৰকাৰ হলে বাতিল কৰিব।

    শংকৰ আজানৰ আৰ্দশৰে উপস্থিত সকলো ৰাইজক আগবাঢ়ি আহিবলৈ আহব্বান জনায়। ইপিনে সভাত মহাজোটৰ মনোনিত প্রাৰ্থী অভিজিত হাজৰীকা, প্রদেশ কংগ্রেছৰ সাধাৰন সম্পাদক কাৰ্ওিক কুৰ্মী, চি পি আই এম নেতা ৰয়েল চৰেং, অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সম্পাদক সুনিল টুটী, কংগ্রেছৰ জিলা সভাপতি পৰমানন্দ কাকতি, বক্তব্য প্রদান কৰাৰ লগতে দলৰ বহু নেতা কৰ্মী আৰু তৃণমূল কৰ্মী সকল উপস্থিত থাকে। এই দৰে ৰঙাপৰাত নিৰ্ব্বাচনী প্রচাৰ তুংগত উঠিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds