■ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি– সাহিত্যিক পেন্সন প্ৰাপক গোলোক পাঠকৰদ্বাৰা ৰচিত ‘নলবৰীয়া প্ৰচলিত শব্দ, জতুৱা ঠাঁচ, ফকৰা–যোজনা’ নামৰ পুথি এখন ২৫ জুলাইত নলবাৰীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । 

পুথি উন্মোচনী সভাৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত থকা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু বিশিষ্ট শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আৱক্ষ মুৰ্তিত শ্ৰদ্ধা নিৱেদন কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই । 





