31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    চাহ বাগিচাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে চৰকাৰে :প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত

    বিশ্বনাথ চাৰিআলি, ০৮ অক্টোবৰ:-
    বিশ্বনাথ মহকুমা কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ সহযোগিতাত শুক্ৰবাৰে বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন সভাত বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম আৰু চাহ বাগিচাৰ লাইন চকিদাৰসকলৰ মাজত চাইকেল বিতৰণ কৰা হয়।
    অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ হিতাধিকাৰী বাচনি সমিতিৰ উদ্যোগত এই উপলক্ষে আয়োজিত সভাখনিত সভাপতিত্ব কৰে সমিতিৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰে। অনুষ্ঠানটিত সমগ্ৰ বিশ্বনাথ জিলাৰ কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ইউনিফৰ্ম আৰু লগতে জিলা খনৰ চাহ বাগিচাৰ প্ৰায় ২০ গৰাকী লাইন চকিদাৰৰ মাজত চাইকেল বিতৰণ কৰা হয়। উল্লেখযোগ্য যে এই আচঁনিৰ অধীনত চাহ বাগিচাৰ অন্তৰ্গত ৪২ খন বিদ্যালয়ৰ ৫২৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু ১৬৭ গৰাকী লাইন চকিদাৰক চাইকেল প্ৰদান কৰা হ’ব।
      সভাত ভাষণ দি বিশ্বনাথৰ বিধায়ক  প্ৰমোদ বৰঠাকুৰ আৰু বিহালীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী  ৰঞ্জিত দত্তই অসম চৰকাৰে চাহ বাগিচাৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে ৰূপায়ণ বিভিন্ন আচঁনিসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে।  ৰঞ্জিত দত্তই কয়, “বৰ্তমানৰ চৰকাৰখনে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা, গুৰুতৰ অসুখত ভোগা ৰুগী আদিৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰি ৰাইজৰ উপকাৰ সাধন কৰিছে। তদুপৰি ৰাস্তা-ঘাট উন্নয়ণ, মাটিৰ পট্টা বিতৰণ আদি কাৰ্যসূচী হাতত লৈছে। চৰকাৰে চাহ বাগিচাসমূহত ২৫ লাখ টকা ব্যয়সাপেক্ষে একোটাকৈ আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰও স্থাপন কৰিব। পৰৱৰ্তী সময়ত লাইন চকীদাৰক চাইকেলৰ সলনি স্কুটীও প্ৰদান কৰা হ’ব।” আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি চাহ জনজাতি কল্যাণ বিভাগ, বিশ্বনাথৰ সদস্য-সচিব তথা মহকুমাধিপতি (সদৰ) দীপম বৰ্মণে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰকাৰে ব্যৱস্থা কৰা বিভিন্ন বৃত্তি পৰীক্ষাসমূহৰ অনলাইন যোগে পাব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰে। সভাত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, হিতাধিকাৰী আৰু বাচনি সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds