Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

চামতাত দিলীপ তালুকদাৰৰ দ্বিতীয়খন কাব্যগ্ৰন্থ ‘হাতীপটিৰ সাঁকো বগাই’ উন্মোচন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নলবাৰী : “সাধাৰণ অৰ্থত সকলো ব্যক্তিয়ে একোগৰাকী কবি ৷ কিন্তু মননশীল শব্দ চয়নেৰে সাৰ্থক কবিতা লিখাটো মুঠেও সহজ বিষয় নহয় ৷” ১৩ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ লোকশিল্পী মোহন ভাইৰা সোঁৱৰণি কক্ষত জনপ্ৰিয় কবি দিলীপ তালুকদাৰৰ দ্বিতীয়খন কাব্যগ্ৰন্থ ‘হাতীপটিৰ সাঁকো বগাই’ উন্মোচন কৰি এই মন্তব্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক পেন্সনপ্ৰাপক ডঃ খগেন ডেকাই ৷ নগাঁৱৰ আনন্দ প্ৰকাশে প্ৰকাশ কৰি উলিওৱা এই কাব্যগ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে বৰ্তমান কেইবাগৰাকীও উদীয়মান কবিয়ে কাব্যচৰ্চাৰে অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰা বুলিও মন্তব্য কৰে ৷ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি গণেশ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত কাব্যগ্ৰন্থ উন্মোচনী সভাখনত চামতা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লীলা ডেকা বিশিষ্ট অতিথি, হেলচা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভগৱান বৰ্মন সন্মানীয় অতিথি আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰাসংগিক ভাষণ প্ৰদান কৰে ৷ কাব্যগ্ৰন্থ উন্মোচনী সভাখনত কবি গণেশ বৰ্মন, ৰাজীৱ দত্ত, ডঃ ৰাজেশ কাকতি, জোন কুমাৰ হালৈ, নিৱেদিতা ডিম্পল, দ্বিপেন মেনা, বুবুল কুমাৰ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী লোকে স্ব-ৰচিত কবিতা পাঠ কৰে ৷ অনুষ্ঠানটোৰ আঁত ধৰে পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক ৰাজেন বৈশ্যই ৷ এই অনুষ্ঠানত কাব্য গ্ৰন্থৰ ৰচক দিলীপ তালুকদাৰে কবিতা চৰ্চাৰ ব্ষয়ে বিৱৰি কয় ।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °