31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাত বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ সংবাদ মেল

    ♦কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা আৰু আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰে৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ শোভাগৃহত অনুষ্ঠিত সভাখনত গোৱালপাৰা জিলাৰ অন্তৰ্গত চাৰিওটা বিধান সভা সমষ্টিৰ বাবে নিযুক্তি দিয়া তিনি গৰাকী সাধাৰণ পৰ্যবেক্ষক দীপেন্দ্ৰ কুমাৰ চৌধুৰী, প্ৰৱীণ দাৰাদে আৰু ধীৰেন্দ্ৰ সিং চেচানৰ লগতে আৰক্ষী পৰ্যবেক্ষক বিজয় কুমাৰ বাৰ্মা প্ৰমুখ্যে আৰক্ষী অধীক্ষক আৰু বিভিন্ন নিৰ্বাচনী কক্ষৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে৷

    জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই কয় যে, জিলাখনৰ চাৰিওটা বিধান সভা সমষ্টিৰ বাবে মুঠ ৫০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছিল  আৰু ইয়াৰে ৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত মুঠ ৪৩ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে৷ তেওঁ নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি মত প্ৰকাশ কৰি লগতে কয় যে, ভোট গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লগীয়া ৫২৫৬ গৰাকী পুলিং আৰু প্ৰিজাইডিং বিষয়া সকলৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সমাপ্ত হৈছে৷ অহা ২৬ তাৰিখৰ পৰা তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ’ব৷

    তেওঁ কয় , ক’ভিড ১৯ প্ৰট’কল সম্পূৰ্ণ ৰূপে মানি চলাৰ বাবে আমি মাস্ক, ফেচচিল্ড আৰু পিপিই কিট, হেণ্ড চেনিটাইজাৰ পৰ্যাপ্ত পৰিমাণৰ যোগান মজুত ৰখাৰ লগতে নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত ব্যক্তি সকলৰ ৮৭% টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে৷ ১০৩২৯ গৰাকী দিব্যাংগ ভোটাৰ আৰু ৯৩৪৪ গৰাকী ৮০ৰ উৰ্দ্ধৰ ব্যক্তিয়ে পোষ্টেল বেলেটৰ দ্বাৰা ভোট দান কৰাৰ বাবে বুথ পৰ্যায়ৰ বিষয়া সকলৰ দ্বাৰা ১২ ডি প্ৰ-পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে৷ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত থাকিব লগীয়া মৌলিক প্ৰয়োজনীয় তথা সুবিধা সমূহৰ ব্যবস্থা কৰা হৈছে৷

    উপায়ুক্ত গৰাকীয়ে মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আৰু মডেল ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন, এছভিইইপিৰ অধীনত ভোটাৰ সজাগতামূলক অভিযান আদিৰ বিষয়ে বিতং ভাৱে সভাত অৱগত কৰে৷ সভাত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত কয় যে নিৰ্বাচন সুচাৰু ৰূপে তথা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবৰ বাবে আৰক্ষী বিভাগে জিলাখনক ১১৫ চেক্টৰ আৰু ১৩ টা জ’নত ভাগ কৰাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰ পৰ্যায়ত গ্ৰহণ কৰা তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ কথাও উল্লেখ কৰে৷

    নিৰ্বাচনৰ সময় ছোৱাত জিলাখনত উদ্ধাৰ হোৱা নগদ ধন সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ব্যয় নিৰীক্ষণ কক্ষৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাকৰ নাথে কয় যে, বৰ্তমানলৈকে জিলাখনৰ ফ্লাইং স্কোৱাৰ্ড আৰু ষ্টেটিক চাৰ্ভিলেঞ্চৰ টীমৰ অভিযানত মুঠ ১৪ লাখ ৬০ হাজাৰ টকা উদ্ধাৰ কৰা হয়৷ শেষত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে ভোটগ্ৰহণৰ বাবে সামগ্ৰী বিতৰণ তথা ভোট গণনা কেন্দ্ৰৰ লগতে ইভিএম সমূহ ৰাখিবলৈ ষ্ট্ৰং ৰূম আদিৰ সকলো ব্যৱস্থা গোৱালপাৰা মহাবিদ্যালয়ত সম্পূৰ্ণ কৰি তোলা হৈছে৷ উপায়ুক্ত গৰাকীয়ে এই সভাতে নিৰ্বাচনৰ সময়ছোৱাত ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ সকলো সাংবাদিকৰ পৰা সহায় সহযোগিতাৰ কামনা কৰে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds