কৃষ্ণাইৰ বুকুলৈ নামি আহিল ফাগুনৰ প্ৰথম জাক বৰষুণ

◆ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই●
ফাগুনৰ পছোৱা বতাহে আকাশ বতাহ ধুলিময় কৰি তোলাৰ সময়তে ধৰাৰ বুকুলৈ নামি আহিল বসন্তৰ প্ৰথমজাক বৰষুণ ৷

কিনকিনিয়া বৰষুণ জাকে নিমিষতে সেমেকাই তুলিলে বাট পথ ঘৰ চোতাল বন বননি ৷ আকাংক্ষিত অথচ কোনো আগজাননী নিদিয়াকৈ নামি অহা বৰষুণ জাকে গৃহস্থী,বাটৰুৱা, ব্যৱসায়ী সকলো পৰ্যায়ৰ জনসাধাৰণৰ মাজত কিছু লৰা ঢপৰাৰ সৃষ্টি কৰিলেও আটাইৰে মুখমণ্ডলত পৰিস্ফুত হ’ল শান্তিৰ ৰেখ ৷ সঁচাই নান্দনিক ফাগুনৰ বৰষুণ ৷

গৃহ নিৰ্মান,পথ নিৰ্মান তথা লেখহীন যান বাহনৰ যাতায়তে দশোদিশ ধুলিয়ৰি কৰি তোলাৰ পৰত এনে এজাক বৰষুণ যেন অমূল্যসম্পদ ৷ অকল জীৱকুলেই নহয়,গছ গছনি ফুল পাতেও ফাগুনৰ প্ৰথমজাক বৰষুণৰ মাদকতা যেন প্ৰাণভৰি উপভোগ কৰিছে ৷ 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.