ওদালগুৰি জিলাৰ দুটা প্ৰান্তত পৃথকে উদ্ধাৰ মাৰণাস্ত্ৰ

♦জিলাখনৰ ওদালগুৰি আৰু হৰিছিঙা থানা এলেকাত উদ্ধাৰ হৈ মাৰণাস্ত্ৰ খিনি।
নিশা ওদালগুৰিৰ সিন্দ্ৰীঝাৰ গাঁৱত উদ্ধাৰ
মাৰণাস্ত্ৰ। অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এম২০ পিষ্টল সহ ৮জাই সজীৱ গুলিসহ আৰু এটা মেগজিন।
এটা নাইন এম এম পিষ্টলসহ দুই জাঁই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে।
ইপিনে জিলা খনৰ হৰিছিঙা থানাৰ অন্তৰ্গত ৪ নং আমজুলি গাঁৱটো উদ্ধাৰ কৰে মাৰণাস্ত্ৰ।
আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰসমূহ দুটা একে ৫৬ ৰাইফল তিনিটা মেগজিন আৰু ৭.৬২ এমএম পিষ্টলৰ ৭১জাই সজীৱ গুলি উদ্ধাৰ কৰে।
ওদালগুৰি থানৰ অভিযানত নেতৃত্ব দিয়ে ওদালগুৰিৰ উপ-আৰক্ষীৰ অধীক্ষক মইদুল ইছলাম আৰু ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়া আৰু হৰিছিঙা থানৰ অভিযানত নেতৃত্ব দিয়ে ভেৰগাঁৱৰ মহকুমাৰ আৰক্ষী বিষয়া নিৰ্মল ঘোচৰ লগতে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী প্ৰেমাস্কুৰ হাজৰিকা।
দুয়োটা অভিযানে ওদালগুৰি জিলা আৰক্ষীৰ বিশেষ সফলতা হিচাপে বিবেচিত হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.