Friday, June 13, 2025
37.2 C
Guwahati
TOP NEWS:

অসম আদৰ্শ বিদ্যালয় বৰপামত প্ৰতিষ্ঠা দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম আদৰ্শ বিদ্যালয় বৰপামত প্ৰতিষ্ঠা দিৱস উদযাপন

বিশেষ প্ৰতিনিধি বিশ্বনাথ চাৰিআলি ৰমেশ চুৰেন

১ জানুৱাৰী ঃ অসম সাহিত্য সভাৰ অধীনস্থ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অন্তৰ্ভুক্ত অসম আদৰ্শ বিদ্যালয় বৰপাম। আজি অসম আদৰ্শ বিদ্যালয় বৰপামত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয়।

পুৱা দহ বজাত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় প্ৰধান শিক্ষক সঞ্জয় কলিতাই। মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে অসমৰ প্ৰথিতযশা নাট্যকাৰ, চতিয়া আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি বৰদলৈ আৰু ৫ নং গাওপঞ্চায়তৰ সভানেত্ৰী পদ্মা বড়ো।

বিৰিঞ্চি বৰদলৈয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উদ্দেশ্যি শিক্ষাৰ দিশত শিশুক স্বাৱলম্বী কৰাৰ কৌশল অৱগত কৰে। লগতে পদ্মা বড়োয়ে অসম আদৰ্শ বিদ্যালয় বৰপামৰ দৰে বিদ্যালয় অসমৰ প্ৰতিখন পঞ্চায়তত হ’লে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড বহুখিনি উন্নত হ’ব বুলি মত ব্যক্ত কৰে। অভিভাৱকৰ ফালৰপৰা ডিপলোঙা বাগিচাৰ চিকিৎসক ডাক্টৰ নৃপেন বড়ো, লক্ষীমাই বড়ো, যুগলাল পাতৰ, ৰবিউল হুছেইন, ৰাণীমাই দাসৰ লগতে বহু কেইগৰাকী অভিভাৱকে বিদ্যালয়ৰ শৈক্ষিক দিশৰ শলাগ লোৱাৰ লগতে বিদ্যালয়ৰ একেলগে তিনিটা ভাষাত পাঠদান কৰা প্ৰক্ৰিয়াক ভূয়সী প্ৰশংসা কৰে।

সঞ্চালক নৃপেন বৰদলৈয়ে সভাপতিৰ ভাষণত অনলাইন আৰু অফলাইন মাধ্যমৰ জৰিয়তে কভিড অতিমাৰীয়ে বিধ্বস্ত কৰা পৰিৱেশত শিক্ষক-শিক্ষয়িত্ৰী সকলে পাঠদান কৰোৱা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত সভাত বিদ্যালয় পৰিচালনা সমিতিৰ ফালৰপৰা প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীক ইংৰাজী নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰা হয়। বিদ্যালয় বন্ধ থকাৰ সময়ত ঘৰে ঘৰে পাঠদান কৰাৰ দৰে কাৰ্যসূচী সমূহে অসমৰ শিক্ষাজগততে এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি বহুকেইজন সমজুৱাই মত ব্যক্ত কৰে। বিজ্ঞান শিক্ষক হেমন্ত কেওঁট, বৰ্ণালী কুৰ্মী, মণিদ্বীপা দাস শইকীয়া, পূৰ্ণিমা বসুমতাৰী, উৰ্মিলা পাতৰ, গীতাঞ্জলি কুৰ্মী, লিপিকা বৰা, পূৰ্ণিমা বৰমুদৈ, মীনা দেৱীয়ে বটা বিতৰণী সভা পৰিচালনা কৰে।

অসম আদৰ্শ বিদ্যালয় বৰপামত প্ৰতিষ্ঠা দিৱস উদযাপন

সভাৰ শেষত সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে।

- Advertisement -

Hot this week

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

Shilpa Shetty Revives 2000s Fashion with a Bold Modern Twist

Y2K style is formally lower back, and Bollywood diva...

Topics

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Related Articles

Popular Categories

Assam
clear sky
36 ° C
36 °
36 °
53 %
0.8kmh
1 %
Fri
35 °
Sat
35 °
Sun
33 °
Mon
34 °
Tue
26 °