শেহতীয়া আপডেটঃ

ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে পুষ্টি আৰু জীৱিকা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ পূৰবী ডেইৰীৰ

গুৱাহাটীঃ সুষম আহাৰ আৰু গাখীৰৰ পুষ্টিকাৰিতা সম্পৰ্কে অসমৰ বিভিন্ন অঞ্চলত প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে।

উল্লেখ্য যে, ভাৰতৰ “শ্বেত বিপ্লৱৰ জনক” হিচাপে পৰিচিত ড° ভাৰ্গিছ কুৰিয়েনৰ জন্ম বাৰ্ষিকীত পালন কৰা ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত দেশৰ দুগ্ধ উদ্যোগৰ গুৰুত্ব আৰু ইয়াৰ সফলতাৰ ওপৰত আলোকপাত কৰা হয়।

দুগ্ধ উদ্যোগৰ অগ্ৰণী সংস্থা হিচাপে পূৰবী ডেইৰীয়ে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নলবাৰী, তেজপুৰ, লখিমপুৰ, বঙাইগাঁওকে ধৰি বিভিন্ন চহৰত স্বাস্থ্যসন্মত দুগ্ধ সেৱনৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উদ্যোগ গ্ৰহণ কৰে। এই উপলক্ষে বিনামূলীয়াকৈ দুগ্ধ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰি দুগ্ধ সংস্থাটোৱে শ শ গ্ৰাহকৰ মাজত দুগ্ধ বিতৰণ কৰাৰ লগতে তেওঁলোকক গাখীৰৰ পুষ্টিকাৰিতা, বিশুদ্ধতা আৰু পেষ্টুৰাইজড গাখীৰ খোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰে।

এই দুগ্ধ দিৱসৰ সৈতে সংগতি ৰাখি পূৰবী ডেইৰীয়ে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত চৌহদত এক বিশেষ ৰন্ধন প্ৰতিযোগিতাৰো আয়োজন কৰে। এই প্ৰতিযোগিতাত ৪০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি পূৰবী ডেইৰীৰ বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰেৰে নিজৰ ৰন্ধন দক্ষতা প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাৰ সময়ত প্ৰতিযোগীসকলে মিষ্টান্নৰ পৰা আৰম্ভ কৰি টেঙেচীয়ালৈকে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰি গাখীৰৰ বহুমুখীতা প্ৰদৰ্শন কৰে। মন কৰিবলগীয়া যে, এই ৰন্ধন প্ৰতিযোগিতাখনত প্ৰদৰ্শন কৰা প্ৰতিযোগীসকলৰ সৃষ্টিশীলতাই বিচাৰক আৰু দৰ্শকক আপ্লুত কৰাৰ সমান্তৰালভাৱে এক অভিনৱ আৰু উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰিবলৈ সক্ষম হয়।

এই পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৱামুলৰ পৰিচালন সঞ্চালক এছ কে পাৰিদাই কয়, “ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ জৰিয়তে ড° ভাৰ্গিছ কুৰিয়েনৰ অৱদানক স্মৰণ কৰি আমি গৌৰৱ অনুভৱ কৰিছো। শ্বেত বিপ্লৱৰ জৰিয়তে ড° কুৰিয়েনে আমাৰ কৃষকসকলৰ বাবে জীৱিকাৰ শক্তিশালী সুযোগ সৃষ্টি কৰাৰ লগতে গ্ৰাহকৰ পুষ্টিৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰিব পাৰি সেই সম্পৰ্কে পথ প্ৰদৰ্শন কৰিছে। অসমৰ দুগ্ধ উদ্যোগৰ আগশাৰীৰ সংস্থা হিচাপে পূৰবী ডেইৰীয়ে দীৰ্ঘদিন ধৰি গাখীৰ সেৱনৰ সুফল আৰু সুস্থ জীৱন যাপনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা সম্পৰ্কে প্ৰচাৰ কৰি আহিছে। পূৰবী ডেইৰীয়ে লাখ লাখ গ্ৰাহকক সতেজ আৰু পুষ্টিকৰ সামগ্ৰী যোগান ধৰাৰ লগতে আমাৰ কৃষকসকলক সক্ষম আৰু সবলীকৰণৰ বাবেও কাম কৰি আছে। আমি আমাৰ সমাজখনৰ স্বাস্থ্য আৰু জীৱিকা দুয়োটা দিশতে উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

একে সময়তে, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সপোন বাস্তৱায়িত কৰি দুগ্ধ সমবায়খনে এক শক্তিশালী গ্রাম্য অর্থনীতি গঢ়ি তোলাত অৰিহণা যোগাইছে বুলিও মত প্ৰকাশ কৰে পাৰিদাই৷

তেওঁ লগতে কয়, ”দুগ্ধ উদ্যোগৰ বিকাশৰ লগে লগে আমাৰ গাখীৰ সংগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে। আমি আইচক্ৰীম আৰু সোৱাদবিশিষ্ট গাখীৰৰ দৰে আকৰ্ষণীয় সামগ্ৰীও অন্তৰ্ভুক্ত কৰিছো, যিয়ে আমাৰ গ্ৰাহকসকলক সুখানুভূতি প্ৰদান কৰিবলৈ সক্ষম হৈছে।আমাৰ প্ৰিয় গ্ৰাহকসকলৰ স্বাদ অভিজ্ঞতাক অধিক সমৃদ্ধ কৰিব পৰাকৈ অতি সোনকালে আন বহুতো নতুন সামগ্ৰী বজাৰত উপলব্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে।’’

উল্লেখ্য যে, অসমৰ দুগ্ধ বিপ্লৱত আগশাৰীৰ ভূমিকা পালন কৰি আহিছে পূৰবী ডেইৰীয়ে। কৃষক নেতৃত্বাধীন এই সংস্থাটোৱে হাজাৰ হাজাৰ স্থানীয় কৃষকৰ জীৱিকা সুনিশ্চিত কৰাৰ লগতে একে সময়তে অসমৰ প্ৰিয় দুগ্ধ ব্ৰেণ্ড হিচাপেও পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী সন্মুখত ৰাখি কৃষকৰ আয় দুগুণ কৰাৰ বাবেও সক্ৰিয়ভাৱে কাম কৰি আছে এই সংস্থাটোৱে।

ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে পূৰবী ডেইৰীয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান, যেনে যোৰহাটত বাইক ৰেলী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৱাকাথন আৰু প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে। পশুপালন, পশু চিকিৎসা আৰু দুগ্ধ বিভাগৰ উদ্যোগত পূৰবী ডেইৰীয়ে সজাগতামূলক পমফ্লেট বিতৰণ কৰাৰ লগতে শতাধিক অংশগ্ৰহণকাৰীক বিনামূলীয়াকৈ গাখীৰৰ নমুনা প্ৰদান কৰি প্ৰদৰ্শনীত পুষ্টি আৰু স্বাস্থ্যৰ বাৰ্তা প্ৰচাৰ কৰে।

পূৰবী দুগ্ধ পালকসকলৰ বাবে ৰাষ্ট্ৰীয় বঁটাঃ
ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে পশুপালন আৰু দুগ্ধ উদ্যোগৰ ক্ষেত্ৰত দেশৰ অন্যতম সৰ্বোচ্চ বঁটা ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা (এন জি আৰ এ)ৰ বাবে অসমৰ দুগৰাকী কৃষক, এগৰাকী এ আই টেকনিচিয়ান আৰু এখন দুগ্ধ সমবায়ক নিৰ্বাচিত কৰা হৈছে। অহা ২৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙে অধ্যাপক এছ পি সিং বাঘেল আৰু মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জৰ্জ কুৰিয়ানৰ উপস্থিতিত এই বঁটা প্ৰদান কৰিব।

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনস্থ পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাষ্ট্ৰীয় গো-প্ৰজনন আৰু দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অংশস্বৰূপ “ৰাষ্ট্ৰীয় গোকুল মিছন” পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

প্ৰণিধানযোগ্য যে, বিশেষ উত্তৰ-পূৰ্বাঞ্চলৰ শাখাত বজালীৰ জুনা তামুলী বৰ্মন আৰু মৰিগাঁৱৰ জুনুমা মালীয়ে শ্ৰেষ্ঠ ঘৰচীয়া গৰু/ম’হ পালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে কামৰূপৰ মহম্মদ আব্দুৰ ৰহিমে শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন টেকনিচিয়ান বঁটা আৰু বজালীৰ নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডে শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, এই দুগ্ধ উৎপাদকসকল আৰু দুগ্ধ সমবায় সমিতিখন পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড (ৱামুল)ৰ সৈতে জড়িত।

এই বঁটাত প্ৰতিগৰাকী বিজয়ীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ শাখাত ২ লাখ টকাৰ নগদ ধনৰ লগতে প্ৰমাণ পত্ৰ আৰু স্মৃতিচিহ্ন লাভ কৰিব। মন কৰিবলগীয়া যে, মুঠ ২৫৭৪ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা এই বিজয়ীসকলক নিৰ্বাচিত কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.