পুনৰ যোৰহাটবাসীৰ নাক কাটিলে নীৰজে…Bulli Bai এপৰ জড়িয়তে নিলাম শতাধিক মুছলিম মহিলাক।
পুনৰ যোৰহাটবাসীৰ নাক কাটিলে নীৰজে…Bulli Bai এপৰ জড়িয়তে নিলাম শতাধিক মুছলিম মহিলাক!
এটা অনলাইন এপে অশান্তি বিয়পাইছে সমগ্ৰ দেশত ৷ Bulli bai নামৰ এটা এপৰ জৰিয়তে নিলামী কৰা হৈছে শতাধিক মুছলিম মহিলাক ৷
শ শ মুছলিম মহিলাক তেওঁলোকৰ অনুমতি অবিহনে এটা এপত কেৱল তেওঁলোকৰ ফটো আপলোড কৰাই নহয় তেঁওলোকক নিলামী কৰা হৈছে ব্যবসায়িক ভিত্তিত ৷ ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন ৰাজ্যত সৃষ্টি হৈছে উত্তেজনাত্মক পৰিস্থিতিৰ ৷
আপুনি জানি আচৰিত হ’ব যে দেশত এই ঘৃণনীয় এপটোৰ ক্ষেত্ৰত জড়িত হৈ আছে অতি কম বয়সৰ কিছু কিশোৰী তথা যুৱক যুৱতী ৷ ২১ বছৰীয়া ময়ঙ্ক ৰাৱল, বিশাল কুমাৰ আৰু ১৮ বছৰীয়া শ্বেতা সিংকে ধৰি শেহতীয়া ভাৱে আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা ২১ বছৰীয়া নীৰজ বিঞ্চই ৷ চাৰিওজনে মুছলিম মহিলাৰ ফটো এডিট কৰি নিলামীৰ অৰ্থে Bulli bai ত আপলোড কৰিছিল।
উল্লেখ যে শ শ মুছলিম মহিলাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা মূল মাষ্টাৰমাইণ্ড আছিল ১৮ বছৰীয়া শ্বেতা সিং ৷
শ্বেতা সিঙেই ১০০ গৰাকী বিভিন্ন সামাজিক কামত জড়িত মহিলাৰ কথা বিৰুদ্ধে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল ৷ শ্বেতা সিঙেই তেঁওৰ লগৰ সংগী জনৰ লগত মিলিত হৈ মহিলা সকলৰ বিৰুদ্ধে অপমানসনক আৰু অভ্ৰদ্ৰ সূচক বাক্য লিখিছিল ৷
এই সমূহ ঘটনাৰ ৰাইজৰ আগত সেই সময়ত পোহৰলৈ আহে যেতিয়া Bulli bai এপত আপলোড হৈছিল এগৰাকী মহিলা সাংবাদিকৰ ফটো ৷
‘‘ডীল অফ দি ডে’’ উদ্ধৃতিৰে বিক্ৰী কৰা হৈছিল তেওঁৰ ফটো।
দেশৰ মুছলিম মহিলা সকললৈ বিপদ নমাই অনা বিতৰ্কিত Bulli Bai এপৰ চতূৰ্থ জন অভিুযুক্ত ধৰা পৰিল অসমৰ যোৰহাটত ৷
যোৰহাটৰ ২১ বছৰীয়া নীৰজ বিঞ্চই নামৰ যুৱক জন জড়িত হৈ আছিল নাৰীৰ দেহ ব্যৱসায়ত ৷
দিল্লী আৰক্ষীয়ে যোৰহাটৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে যুৱক জনক ৷
মন কৰিব লগীয়া যে একে ধৰণৰ ঘটনা বিগত বছৰো পোহৰলৈ আহিছিল ।
যেতিয়া “চুলি ডিলছ” নামৰ এপটোৱে ডজন ডজন মুছলমান মহিলাক অনলাইনত বিক্ৰী আৰম্ভ কৰিছিল ।
কিন্তু পুনৰ এতিয়া বুল্লি বাই এপ নামৰ অজ্ঞাত গোটৰ জৰিয়তে টাৰ্গেট কৰা হৈছে মুছলমান মহিলা সকলক ৷ পিছে সুখৰ খবৰ যে মুম্বাই ক্ৰাইম ব্ৰান্সে এতিয়ালৈকে ঘটনাৰ লগত জড়িত ৩ জন মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷




