♦কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে উত্তপ্ত কৰিছে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধান সমষ্টিৰ বিজেপি দলৰ ভিতৰ চ’ৰা৷ সমষ্টিটোত বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বিজেপিৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বই দুধনৈ সমষ্টিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক এৰি দিয়াৰ পিছতে ক্ষোভত ফাটি পৰিছে দলীয় নেতা কৰ্মী৷ এই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে আজি কৃষ্ণাই চহৰত৷ আজি পুৱা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে কৃষ্ণাই বজাৰৰ মাজ মজিয়াত থকা বিজেপিৰ কৃষ্ণাই মণ্ডল কাৰ্যালয় চৌহদ বিভিন্ন শ্লগানেৰে উত্তপ্ত কৰি তোলে৷ কৰ্মী সকলে গোৱালপাৰা জিলাক বিজেপি শূণ্য নকৰিব, দুধনৈ সমষ্টিত বিজেপি প্ৰাৰ্থীক টিকট দিয়ক, দলীয় কৰ্মীৰ আবেগক গুৰুত্ব দিয়ক, ভাৰত মাতা কী জয়,আমাৰ দাবী মানিবই লাগিব,বিজেপি জিন্দাবাদ আদি শ্লগান দিয়াৰ অন্তত কাৰ্যালয়টোৰ মূল প্ৰৱেশ দ্বাৰত অনিৰ্দিষ্ট কাললৈ তলা ওলোমাই দিয়ে৷ উল্লেখ্য যে বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ নেতৃত্বত দুধনৈ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত বুলি দাবী কৰে দলীয় সমৰ্থক সকলে৷ তেনে ক্ষেত্ৰত সমষ্টিটোৰ দলীয় কৰ্মী সমৰ্থক সকলক অন্ধকাৰত ৰাখি সমষ্টিটো ৰাভা হাছংং যৌথ সংগ্ৰাম সমিতিক এৰি দিয়া কাৰ্যটোক সহজ ভাৱে ল’ব পৰা নাই দলীয় নেতা কৰ্মী সকলে৷ ক্ষোভিত বিজেপি নেতা কৰ্মী তথা সমৰ্থক সকলে ৰাজ্যিক নেতৃত্বই আদেশ দিলেও কোনো কাৰণতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীক সহযোগিতা আগ নবঢ়ায় বুলি অতি উষ্মাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations