31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাত দিব্যাংগ ভোটাৰৰ মাজত সজাগতা সভাঃ দিব্যাংগ সাৰথি এপৰ বিষয়ে সদৰী কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

    ■ কন্দৰ্প কুমাৰ দেৱ নাথ,কৃষ্ণাইঃ গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আজি জিলাখনৰ দিব্যাংগ ভোটাৰ সকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷

    জিলা নিৰ্বাচনী বিভাগে ষ্টাৰ আইকন হিচাপে নিৰ্বাচিত কৰা ৰাকেশ বাণিকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই কয়- আপোনালোকে জানে যে এইবাৰ ভাৰতৰ নিৰ্বাচন আয়োগে দিবাংগ ভোটাৰ সকলৰ বাবে বহুতো সুবিধা প্ৰদান কৰিছে৷ পোষ্টেল বেলটৰ দ্বাৰা ভোট গ্ৰহণ কৰাকে আদি কৰি ভোটকেন্দ্ৰত হুইল চেয়াৰৰ ব্যৱস্থা কৰালৈকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। গোৱালপাৰা জিলাৰ ৬৩৯ টা ভোটকেন্দ্ৰত হুইল চেয়াৰ উপলব্ধ কৰা হৈছে।

    ইয়াৰ উপৰি গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা নতুনকৈ মুকলি কৰা ‘দিব্যাংগ সাৰথি’ এপটোৰ দ্বাৰা আপোনালোকে আগ্ৰহ কৰিলে আপোনালোকক আপোনালোকৰ নিৰ্দ্দিষ্ট ভোটকেন্দ্ৰলৈ যাতায়াতৰ ব্যৱস্থা কৰা হ’ব৷

    জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে আপোনালোকে গুগুল প্লে’ষ্ট’ৰত গৈ এই এপটো ডাউনলোড কৰি যাতায়াতৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিবলৈ আবেদন কৰিব পাৰিব৷

    শেষত তেওঁ সকলোকে অহা ৬ এপ্ৰিল তাৰিখে ভোটদান কৰাৰ বাবে ওচৰ-চুবুৰীয়া লোকক ভোটদান কৰাৰ বাবে আহ্বান কৰিবলৈ উপস্থিত সকলোকে অনুৰোধ জনায়৷

    সভাত নিৰ্বাচন বিভাগে নিয়োজিত কৰা ষ্টাৰ আইকন ৰাকেশ বনিকে কয় যে- ময়ো এগৰাকী আপোনালোকৰ দৰে দিব্যাংগ দিব্যাংগ। ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰে পোন প্ৰথম বাৰৰ বাবে দিবাংগ সকলৰ বাবে পোষ্টেল বেলটৰ ওপৰিও হুইল চেয়াৰৰ লগতে ভোকেন্দ্ৰলৈ যাবলৈ যাতায়াতৰ ব্যৱস্থা কৰিছে৷

    আমি সমাজৰ অন্যান্য সকলৰ লগতে ভোটদান কৰি এক সুস্থ গণতন্ত্ৰ স্থাপনত আমাৰ অৰিহণা যোগাব লাগে৷

      

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds