31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    পূৱ শোণিতপুৰ বন সংমণ্ডল আৰু স্বেচ্ছাসেৱী সংগঠন আৱাৰ নেচাৰেল এনাৰ্জিৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী

    পূৱ শোণিতপুৰ বন সংমণ্ডল আৰু স্বেচ্ছাসেৱী সংগঠন আৱাৰ নেচাৰেল এনাৰ্জিৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী

    অসম খবৰ বিশ্বনাথ ৭ জুলাই :

    দেওবাৰে বিহালীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন আৱাৰ নেচাৰেল এনাৰ্জিৰ উদ্যোগত এলানি বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে।

    শোণিতপুৰ পূৱ বন সংমণ্ডল আৰু বিহালী সমষ্টিৰ স্বেচ্ছাসেৱী সংগঠন আৱাৰ নেচাৰেল এনাৰ্জিৰ উদ্যোগত দেওবাৰে বিহালী সমষ্টিৰ বৰগাং ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে গছ পুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰে ।

    পূব শোণিতপুৰ বন সংমণ্ডল অন্তৰ্গত বিহমাৰীস্থিত বন বিভাগৰ নাৰ্ছৰিৰ পৰা প্ৰায় ১০০০ জোপা বিভিন্ন ফলমূলকে ধৰি মূল্যৱান গছ ৰোৱাৰ পৰিকল্পনা কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে। উল্লেখযোগ্য যে বিহালীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা সময়চোৱাত যিহেতু লক্ষাধিক গছ কটা হৈছিল।

    https://www.facebook.com/share/v/91try53WbgkYbHSu/?mibextid=oFDknk

    সেয়ে উক্ত গছৰ ক্ষতি পূৰণ হিচাপে লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই চিৰিকতিৰ বাসস্থান আৰু খাদ্যৰ উৎসৰ বাবে এই বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে।
    আনহাতে এই গছ পুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে

    পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া বিশ্বজ্যোতি দাস আৰু বনাঞ্চলিক বিষয়া ৰূপম কুমাৰ শৰ্মা, বন পালক চুম্পী ফুকন, নিকুমনি বৰগোহাঞি, ৰিতামণি শইকীয়া, বন কৰ্মী দুলাল বৰাকে ধৰি কেইবাজনো বন কৰ্মী উপস্থিত থাকে এই কাৰ্যসূচীত। আনহাতে স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি শ্ৰীমন্ত দাস, সঞ্চালক সুৰজিৎ দাস, সদস্য বিমল ওৰাং, শান্তনো দত্ত আৰু জেফৰ্থ নাগো ও উপস্থিত থাকে বৃক্ষ ৰোপণ কাৰ্যসূচীত।
    আনহাতে বন সুৰক্ষা বিষয়া তথা বনাঞ্চলিক বিষয়া ৰূপম কুমাৰ শৰ্মায়ে জানিব দিয়ে যে তেওঁ অসম চৰকাৰৰ এজোপা গছ মাৰ নামত অভিযানৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী সংগঠনটোৰ সৈতে সহযোগ কৰে।

    লগতে তেওঁ সমূহ অসমবাসী ৰাইজক এজোপা কৈ গছ ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ আহ্বান জনায়। আনহাতে স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক সুৰজিৎ দাসে ৰাইজলৈ অনুৰোধ কৰে যে মানুহে প্ৰকৃতিৰ পৰা যিমান সুবিধা লৈছে তাৰ বিনিময়ত এইদৰে প্ৰকৃতিলৈও কিছু অৰিহণা যোগোই যেন।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds