31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    লাও যিমানেই ডাঙৰ নহওঁক, সি সদায় পাতৰ তলত- কেতিয়া সলনি হ’ব এইবোৰ চিন্তা!

    ✒️সামাজিক মাধ্যমৰ পৰা সন্নিবিষ্ট কৰা হৈছে এই লেখাটি। 

    সৰুতে বিদ্যালয়ত গৰুৰ বিষয়ে ৰচনা লিখিছিলোঁ এতিয়া ডাঙৰ হৈ অলপ বেলেগ কৈ লিখিছোঁ । মানুহে দেখি হয়টো ভাৱিছে মই অথলে গ’লো । শব্দ টো ৰাজহুৱাকৈ উচ্চাৰণ কৰাটো অপৰাধ। উচ্চাৰণকাৰি হয়টো নষ্ট চৰিত্ৰৰ ।

    এটা সময়ত জানিছিলোঁ ফুলে ফুলে ঘৰ্ষণ হ’লে সন্তান জন্ম হয় , পিছত জানিছিলো বামুণে হোমৰ গুৰিত মন্ত্ৰ মাতে কাৰনেই হিন্দী চিনেমাত নায়ক নায়িকাই বৰষুণত তিতি ককাল ঘুৰাই নাচিলেহে নায়িকাৰ সন্তান জন্ম হয় ।
    সন্তান জন্মৰ আছল পদ্ধতি টো জানিছিলো নৱম শ্ৰেণীত, যেতিয়া এজন বন্ধুৰ ম’বাইলত এটা ভিডিঅ চাইছিলো।
    তেতিয়া ভিডিঅ টো দেখি মই অবাক হৈ গৈছিলো।
    ভিডিঅ টো দেখাৰ আগত সহবাস আৰু সন্তান জন্মৰ পদ্ধতিৰ বিষয়ে জানিবলৈ যিমান ইচ্ছা হৈছিল জনাৰ পাছত সিমান লাজো লাগিছিল ।

    সহবাসৰ বিষয়ে জনাৰ সকলোৰে বয়স একেই নহয়। এজনী ছোৱালীক ১৪ বছৰ বয়সত তাইৰ মাক দেউতাকে বিয়া দি দিছিল ওচৰৰ চৰকাৰী চাকৰি কৰা খুড়া এজনৰ লগত । তাই ১৪ বছৰ বয়সত জানিব পাৰিছিল নে সহবাসৰ আচল অৰ্থ।

    মন কৰক বিশেষ বহলাই নকও এই ৩/৪ বছৰৰ শিশুকে ধৰক কোনো পাষণ্ডই শিকাইছিল যে শৰীৰৰ সেই বিশেষ খিনি বহুতৰ ইচ্ছা পুৰণতো কামত আহে ।
    ইহতে সহবাসৰ বিষয়ে জানিব পাৰিছিল জবৰদস্তি
    ।মোৰ দৰে ইচ্ছা কৰি নহয় ।

    মোৰ ওচৰত সহবাস শব্দটো যিমান আনন্দদায়ক,
    সিহঁতৰ ওচৰত সিমান যন্ত্ৰণাদায়ক।

    সহবাসৰ আনুসংগিক বিষয়ক লৈ সমাজৰ কোনো লাজৰ অন্ত নাই ।
    বয়ফ্ৰেণ্ডৰ হাতত ধৰি ফুৰিলে কোনোবাই নহয় কোনোবাই ক’বই এ বোপা এইটো ভদ্ৰ লোকৰ এলেকা, এইবোৰ কৰিব হ’লে পাৰ্কত যোৱা,হাত ধৰাটো ইহঁতৰ বাবে চৰম অভদ্ৰতা,তাৰমানে সহবাস টো কিমান অভদ্ৰামি হ’ব? তেওঁলোক মানে অতিভদ্ৰ
    ইহঁতৰ জন্ম হয়টো সালোক সংশ্লেষণ প্ৰক্ৰিয়াত হৈছিল ,,,,,,সেইকাৰনে হয়টো ইমান ৰক্ষণশীলতা ।

    সহবাস কৰিলে সমাজে বহিস্কাৰ কৰে দেউতাকে তাজ্যপুত্ৰ কৰে । সহবাস কৰিবলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন যাক মেৰেজ চাৰ্টিফিকেট কয়।

    বিয়া হ’লে তোমাৰ বিচনা ৰজনীগন্ধা ফুলেৰে সজাই দিব তাৰ পাছত তুমি সহবাস কৰিব পাৰা ।বিচনাত বগা চাদৰ পাৰি দিয়া হ’ব , যাতে তাইৰ হাইমেন চিঙি যোৱা ৰক্তপাতৰ প্ৰমান ৰৈ যায়। পিছদিনা সেই ৰক্তপাতে তাইৰ চৰিত্ৰৰ প্ৰমান দিব।
    যদি দাগ থাকে তেতিয়া তাইৰ চৰিত্ৰ আগৰ পৰাই ভাল ভাৰ্জিন ।

    কথাটো হ’ল স্ত্ৰীয়ে প্ৰমান দিবলৈ সফল হোৱাৰ পিছত পতি জন ভাৰ্জিন নে ?? সেইটো কোনে বিছাৰ কৰিব । যদি সি নিজে ভাৰ্জিন হোৱাৰ প্ৰমান দিব নোৱাৰে তেন্তে তাই সতীচ্ছেদ সহবাস কৰা কাৰনে নে চাইকেল চলাওতে চিন্ন হৈছে তাৰ প্ৰমান বিছৰা অধিকাৰ ক’ত পালে তেওঁ ।

    ভাবিবলৈ আছৰিত লাগে…এই সমাজ নিৰ্ভয়াক ৰাজহুৱা স্থানত বলৎকাৰ কৰাৰ সময়ত আগবাঢ়ি অহা নাছিল ।

    সহবাসক লৈ ইমান লাজ কৰাৰ প্ৰয়োজন নাই । ই এক সহজ শৰীৰবৃত্তীয় প্ৰক্ৰিয়া । ধৰ্ষিতা ছোৱালী এজনীক বেলেগ চকুৰে চাব নালাগে তায়ো সহবাস কৰিলে অনুজ্ঞাপত্ৰ থকা সকলৰ নিচিনা, কেৱল অনিচ্ছাকৃত,আৰু জবৰদস্তি তাইক কলংকিত অপবাদ নিদিব পাৰিলে ধৰ্ষক টোক শাস্তি দিয়ক।

    এজনী ছোৱালীৰ বয়স ২০/২১ হ’লেই তাইৰ বিয়াক লৈ গুটেই অঞ্চলৰ মুৰৰ বিষ বন্ধ হওক।তাইৰো ভৱিষ্যত আছে । এজনী ছোৱালীৰ ব্ৰা স্ট্ৰাপ দেখা পোৱা গ’লেই আলোচনা ন’কৰিব এই ব্ৰাই সেই দুটা আবৃত্তিক কৰি ৰাখে য’ৰ পৰা নিৰ্গত হোৱা তৰল খাই সুগঠিত শৰীৰৰ অধিকাৰী হৈছা।

    🙏সমাজ সংস্কাৰ হওক🙏

    🙏অশ্লীল মন্তব্যৰ পৰা বিৰত থাকিব 🙏

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds