শেহতীয়া আপডেটঃ

গ্ৰাহকলৈ জি এছ টিৰ সুবিধা আগবঢ়াই পূৰবী ডেইৰীৰ দুগ্ধজাত সামগ্ৰীৰ মূল্য হ্ৰাস

মূল্য হ্ৰাসে পূৰবী সামগ্ৰীসমূহক অধিক সুলভ কৰি তোলাই নহয়, বৰঞ্চ চাহিদাও বৃদ্ধি কৰিব, যাৰ ফলত ৱামুল আৰু ৱামুলৰ সৈতে জড়িত হাজাৰ হাজাৰ দুগ্ধ পালক প্ৰত্যক্ষভাৱে উপকৃত হ’ব

গুৱাহাটী, ২২ ছেপ্টেম্বৰ, ২০২৫: পূৰ্বোত্তৰলৈ সুখবৰ কঢ়িয়াই আনিছে পূৰবী ডেইৰীয়ে। ৫৬ সংখ্যক জি এছ টি পৰিষদে ঘোষণা কৰা জি এছ টি হ্ৰাসৰ সম্পূৰ্ণ সুফল ৰাইজৰ সৈতে ভগাই লোৱাৰ উদ্দেশ্যে বহুকেইবিধ দুগ্ধজাত সামগ্ৰীৰ মূল্য প্ৰতিষ্ঠানটোৱে হ্ৰাস কৰিছে৷

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা উৎপাদিত পূৰবী সামগ্ৰীসমূহৰ বাবে বজাৰ সৃষ্টি কৰা ন’ৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ্ লিমিটেডে জনোৱা মতে২২ ছেপ্টেম্বৰৰ পৰা পূৰবী পনীৰপূৰবী ঘীপূৰবী ফ্লেভাৰযুক্ত গাখীৰ আৰু পূৰবী আইচক্ৰীমৰ মূল্য হ্ৰাস পাবযাৰ ফলত এই সামগ্ৰীসমূহ ৰাজ্যজুৰি অধিক সুলভ হৈ পৰিব।

সংস্কাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে পনীৰ আৰু ইউ এইচ টি গাখীৰৰ ওপৰত জি এছ টি ৰেহাই দিয়া হৈছে। আইচক্ৰীমৰ জি এছ টি এতিয়া পূৰ্বৰ ১৮% ৰ পৰা ৫% লৈ অৱনমিত হৈছেআনহাতে পূৰ্বৰ ১২%ৰ পৰিৱৰ্তে ৫% জি এছ টি শ্লেবত ৰখাৰ বাবে ঘিউৰ মূল্যও হ্ৰাস পাব বুলি জানিব পৰা গৈছে।

এই সংস্কাৰ প্ৰক্ৰিয়াৰ ফলত এতিয়া পূৰবী উৎপাদিত সকলো সামগ্ৰী ৰেহাইপ্ৰাপ্ত/শূন্য অথবা সৰ্বনিম্ন ৫% জি এছ টিৰ শ্লেবত অন্তৰ্ভুক্ত হ’ব।

দুগ্ধজাত সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। এই প্ৰগতিশীল পদক্ষেপে দুগ্ধজাত সামগ্ৰীক অধিক সুলভ কৰি তোলাৰ লগতে এই খণ্ডক শক্তিশালী কৰি অধিক চাহিদাৰ সৃষ্টি কৰিব। ই কৃষকৰ সৱলীকৰণ কৰি উদ্যোগটোৰ বহনক্ষম বৃদ্ধিত সহায় কৰিব আৰু ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত ইন্ধন যোগাব। পূৰবী দুগ্ধ প্ৰতিষ্ঠানে এই সংস্কাৰৰ সৰ্বোত্তমখিনি প্ৰতিখন ঘৰৰ সৈতে ভগাই ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ।” ৱামুলৰ পৰিচালন সঞ্চালক এছ কে পৰিদাই এইদৰে জানিবলৈ দিয়ে।

২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০০ গ্ৰাম পেকেটৰ পূৰবী পনীৰৰ মূল্য ৯৫ টকাৰ পৰা ৯২ টকালৈ হ্ৰাস পাব। একেদৰেপূৰবী ঘী ৫০০ মিলিলিটাৰৰ দাম পূৰ্বৰ ৪৫০ টকাৰ পৰা ৪২০ টকালৈজনপ্ৰিয় পূৰবী ফ্লেভাৰযুক্ত গাখীৰৰ দাম পূৰ্বৰ ৩০ টকাৰ পৰা ২৫ টকালৈ আৰু পূৰবী স্মাৰ্ট ইউ এইচ টি ১ লিটাৰৰ পেকেটৰ মূল্য ৭৪ টকালৈ হ্ৰাস পাব। পূৰবী আইচক্ৰীমৰ দামসমূহ প্ৰকাৰ অনুসৰি হ্ৰাস কৰা হৈছে। এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক এছ বি বসুৱে কয়, “সংস্কাৰৰ মহৎ উদ্দেশ্যক সাৰোগত কৰি আমি জি এছ টি হ্ৰাসৰ সুবিধাসমূহ আমাৰ গ্ৰাহকসকললৈ আগবঢ়াইছোঁযাতে এই সংস্কাৰ প্ৰত্যক্ষভাৱে অধিক সুলভ মূল্যৰ দুগ্ধজাত সামগ্ৰীলৈ ৰূপান্তৰিত হয়।”

মূল্য হ্ৰাসে পূৰবী সামগ্ৰীসমূহক অধিক সুলভ কৰি তোলাই নহয়বৰঞ্চ চাহিদাও বৃদ্ধি কৰিবযাৰ ফলত ৱামুল আৰু ৱামুলৰ সৈতে জড়িত হাজাৰ হাজাৰ দুগ্ধ পালক প্ৰত্যক্ষভাৱে উপকৃত হ’ব। গ্ৰাম্য জনগোষ্ঠীসমূহৰ সবলীকৰণ আৰু প্ৰতিখন ঘৰলৈ মানসম্পন্ন দুগ্ধজাত সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত থকা পূৰবীৰ দৃষ্টিভংগীৰ সৈতে এই উদ্দেশ্যক সংযোজিত কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.