Thursday, May 29, 2025
27.4 C
Guwahati
TOP NEWS:

অসম চৰকাৰৰ সৈতে পূৰবী ডেইৰীৰ চুক্তি স্বাক্ষৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম চৰকাৰৰ সৈতে পূৰবী ডেইৰীৰ চুক্তি স্বাক্ষৰ

অসম খবৰ গুৱাহাটী ২২ জুলাই, ২০২৪:

পূৰবী ডেইৰী নামেৰে খ্যাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)য়ে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ (ডি অ’ ডি ডি) সৈতে শেহতীয়াকৈ এক চুক্তি স্বাক্ষৰ কৰে। অসম চৰকাৰৰ দুগ্ধ উন্নয়ন সঞ্চালিকা  অনুসূয়া শৰ্মা আৰু ৱামুলৰ পৰিচালন সঞ্চালক  সমীৰ কুমাৰ পৰিদাই স্বাক্ষৰ কৰা এই চুক্তিৰ জৰিয়তে পূৰবী ডেইৰীয়ে ধেমাজিস্থিত ডিঅ’ডিডিৰ অধীনস্থ দৈনিক ৫,০০০ লিটাৰ ক্ষমতাসম্পন্ন দুগ্ধ প্ৰকল্পটো পৰিচালনা কৰিব।

এই সহযোগিতাৰ লক্ষ্য হৈছে উজনি অসমত পূৰবী গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰা আৰু অঞ্চলটোৰ সমবায় দুগ্ধ খণ্ডক শক্তিশালী কৰি তোলা। এই পদক্ষেপে উৎপাদকসকলক ব্যাপক প্ৰশিক্ষণ আৰু বিকাশৰ সুযোগ প্ৰদান কৰাৰ সমান্তৰালকৈ নতুন বজাৰ মুকলিৰ জৰিয়তে গুৰুত্বপূৰ্ণ উপাৰ্জনৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

“উজনি অসমৰ দুগ্ধ খণ্ডৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এই চুক্তিখন গ্ৰহণ কৰা হৈছে। ধেমাজি দুগ্ধ প্ৰকল্পটো পৰিচালনাৰ দ্বাৰা আমি সমগ্ৰ অঞ্চলটোত পূৰবী গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰিব পাৰিম বুলি যথেষ্ট আশাবাদী।”- ৱামুলৰ পৰিচালন সঞ্চালক  সমীৰ কুমাৰ পৰিদাই কয়।

ধেমাজিত এই নতুন প্ৰকল্প স্থাপনৰ ফলস্বৰূপে গুৱাহাটীস্থিত পূৰবী ডেইৰীৰ মুখ্য প্ৰকল্প কেন্দ্ৰৰ পৰা হোৱা পৰিৱহণ ব্যয় আৰু সময় হ্ৰাস হোৱাৰ উপৰি উজনি অসম অঞ্চলত সতেজ দুগ্ধ যোগান ব্যৱস্থাৰো উন্নত হ’ব।

ধেমাজি দুগ্ধ প্ৰকল্পত কাৰ্যকলাপ শীঘ্ৰেই আৰম্ভ হ’ব আৰু উজনি অসমত দুগ্ধ খণ্ডৰ বিকাশত এক গুৰুত্বপূৰ্ণ বৃদ্ধি সূচিত হ’ব। অসমৰ দুগ্ধ খণ্ডৰ বাবে অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰা প্ৰতিদিনে ১০ লাখ লিটাৰ দুগ্ধ উৎপাদনৰ উচ্চাভিলাষী লক্ষ্য প্ৰাপ্তিৰ দিশত এয়া হৈছে এক সঠিক পদক্ষেপ।

দুগ্ধ উন্নয়ন সঞ্চালকালয়ে ৰাজ্যখনত দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে আৰু ধেমাজি প্ৰকল্পৰ পৰিচালনাৰ বাবে ৱামুল (পুৰবী ডেইৰী)ৰ সৈতে স্বাক্ষৰ কৰা চুক্তি এই পদক্ষেপসমূহৰ ভিতৰত অন্যতম। সঞ্চালকালয়ে ৱামুলৰ দক্ষতা আৰু সাধন ব্যৱহাৰ কৰি দুগ্ধ উৎপাদন বৃদ্ধি কৰা, যোগান শৃংখলা দক্ষতা উন্নত কৰা আৰু স্থানীয় কৃষকসকলৰ বাবে উন্নত বজাৰৰ প্ৰৱেশাধিকাৰ তথা প্ৰশিক্ষণৰ ব্যৱস্থা বিকশিত কৰাৰ উদ্দেশ্য আগত ৰাখি ধেমাজি প্ৰকল্পটো পৰিচালনা কৰিবলৈ পুৰবী ডেইৰীক এক্তিয়াৰ প্ৰদান কৰিছে।

- Advertisement -

Hot this week

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds