বিশিষ্ট দাৰ্শনিক পণ্ডিত, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি (১৯৬২-৬৭) ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ ৫ ছেপ্তেম্বৰৰ জন্মদিনৰ দিনটো শিক্ষক দিৱস হিচাপে দেশজুৰি পালন কৰা হয়। ড° ৰাধাকৃষ্ণণৰ জন্ম হৈছিল তদানীন্তন বৃটিছ ভাৰতৰ মাদ্ৰাছ প্ৰদেশৰ টিৰুট্টানি (Thiruttani)ত ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে আৰু মৃত্যু হৈছিল তামিলনাডুৰ মাদ্ৰাছত ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে।
ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে ৰচনা কৰাকেইখনমান গ্ৰন্থ হৈছে ‘দ্য ফিলচফি অৱ ৰবীন্দ্ৰনাথ টেগোৰ’, ‘ইণ্ডিয়ান ফিলচফি’, ‘দ্য হিন্দু ভিউ অৱ লাইফ’, ‘ৰিলিজিয়ন এণ্ড চছাইটি’, ‘দ্য ধম্মপদ’, ‘দ্য প্ৰিন্সিপাল উপনিষদচ’, ‘ৰিলিজিয়ন, চায়ন্স এণ্ড কালচাৰ’ আদি।



