31.3 C
Guwahati
Tuesday, February 3, 2026
More

    Trending Now:

    ছেমি কণ্ডাক্টৰৰ ওপৰত গুৰুত্ব, ৩খন নতুন AIIMS, ৭টা হাইস্পীড ৰে’ল কৰিড’ৰ

    কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। নৱমবাৰৰ বাবে নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। বাজেটত ভাৰতক ছেমি কণ্ডাক্টৰৰ হাব হিচাপে প্ৰতিষ্ঠা...

    শেহতীয়া আপডেটঃ

    মুকলি হ’ল বঁটাজয়ী অসমীয়া চলচ্চিত্ৰ ‘জিয়া’ৰ সংগীত

    গুৱাহাটী, ২৮ মাৰ্চ, ২০২৪: গুৱাহাটী প্ৰেছ ক্লাবত আজি বহুপ্ৰত্যাশিত-বহুচৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘জিয়া’ৰ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চলচ্চিত্ৰখনৰ সদ্য মুক্তিপ্ৰাপ্ত গীতকেইটাই অসমীয়া সংগীত জগত সমৃদ্ধ কৰাৰ লগতে দৰ্শক-শ্ৰোতাক নতুন সংগীতৰ সোৱাদ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

    ‘জিয়া’ চলচ্চিত্ৰখনৰ পৰিচালক হৈছে কেনি বসুমতাৰী আৰু প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তী। মুক্তিৰ পূৰ্বেই যথেষ্ট প্ৰশংসা বুটবলিবলৈ সক্ষম হোৱা জিয়াই শেহতীয়াকৈ অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ড অনুষ্ঠানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত শিতানত (অম্বৰ দাস) বঁটা জিনিবলৈ সক্ষম হৈছে।

    নিজৰ সৰ্বোচ্চ উজাৰি নতুনত্বৰ সমাহাৰেৰে চলচ্চিত্ৰখনত সংগীত প্ৰযোজনা কৰিছে অম্বৰ দাসে। সকলো দৰ্শকে আদৰি লোৱাকৈ, এক নতুন আমেজ প্ৰদান কৰাৰ লগতে কাহিনীৰ সৈতে অনুৰণিত কৰিব পৰাকৈ চলচ্চিত্ৰখনৰ সংগীত প্ৰস্তুত কৰা হৈছে। চলচ্চিত্ৰখনৰ গীতকেইটা শুনি সকলোৱে আপ্লুত হৈ অম্বৰ দাসৰ সৃষ্টিৰ প্ৰশংসা কৰে।

    ‘জিয়া’ৰ সংগীতত আৱেগ আৰু সুৰৰ এক বৰ্ণিল সংমিশ্ৰণ প্ৰদান কৰা হৈছে যাতে চিন্তাৰ একেডাল সূতাৰেই চলচ্চিত্ৰ আৰু দৰ্শকক বান্ধি ৰাখিব পাৰি। আকৰ্ষণীয় গীতৰ ভিতৰত অংগৰাগ পাপন মহন্ত আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ মন্ত্ৰমুগ্ধকৰ কণ্ঠৰে “সপোন সপোন লগা” আৰু শংকুৰাজ কোঁৱৰ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কণ্ঠ নিগৰোৱা “এই সাধু” অন্যতম।

    চিনেমাখনক নতুন মাত্ৰা প্ৰদান কৰা গীতকেইটাৰ ভিতৰত মৈত্ৰয়ী পাটৰে হৃদয়ৰ পৰশ ঢালি সৃষ্টি কৰা “নুফুটা জোনাক”, ঈপ্সিতা হাজৰিকা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কণ্ঠেৰে জীপাল হোৱা “কথাবোৰ যদি ফুল হয়” অন্তৰ্ভুক্ত হৈ আছে। আনহাতে, চিনেমাখনক সমৃদ্ধ কৰা আনটো গীত “উদং বুকুত” পৰিৱেশন কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে।

    সপোন সপোন লগা গীতটোৰ কথা আৰু সৃষ্টিৰ আঁৰত আছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী। গীতটোত বাঁহী পৰিৱেশন কৰিছে ভাস্কৰজ্যোতি কলিতাই আৰু তবলা সংগত কৰিছে হৃদয় বাবাই। “এই সাধু” গীতটোৰ কথা হৈছে ৰাজ দ্বীপৰ, আনহাতে, গীতটোত কণ্ঠ নিগৰাইছে নৱনীতা শৰ্মা আৰু অম্বৰ দাসে। একেদৰে “নুফুটা জোনাক” গীতটো লিখিছে মৈত্ৰেয়ী পাটৰে আৰু গীতটোত বাঁহীবাদন কৰিছে ভাস্কৰজ্যোতি কলিতাই। ইফালে, “কথাবোৰ যদি ফুল হয়” গীতটো লিখিছে চন্দনা পাঠকে আৰু “উদং বুকুত” গীতটো লিখিছে ঠেঙাল জ্যোতি স্বপ্নই; আয়ষ্মান বৰুৱাই এই গীতটো প্ৰস্তুত কৰি তুলিছে।

    এই হৃদয়স্পৰ্শী গীতসমূহ এতিয়া ইউটিউব আৰু স্পটিফাইকে ধৰি সকলো আগশাৰীৰ ষ্ট্ৰীমিং নেটৱৰ্কত উপলব্ধ।

    ‘জিয়া’ৰ প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে ছবিখনৰ সংগীতক লৈ নিজৰ উৎসাহ ব্যক্ত কৰি কয় যে, ‘‘জিয়া’ৰ সংগীত হৈছে প্ৰেমৰ এক শ্বাশ্বত অনুভূতি আৰু আমি ইয়াক দৰ্শকৰ সন্মুখত উপস্থাপন কৰিবলৈ ৰোমাঞ্চিত হৈ আছো। প্ৰতিটো গীতেই আমাৰ দলটোৰ নিষ্ঠা আৰু প্ৰতিভাক প্ৰদৰ্শিত কৰিছে। চিনামেখনৰ সংগীত দৰ্শকৰ মাজত গভীৰভাৱে অনুৰণিত হ’ব আমি আশা কৰিছোঁ।”

    চলচ্চিত্ৰখনৰ সংগীতৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি পৰিচালক কেনি বসুমতাৰীয়ে অম্বৰ দাসৰ ব্যতিক্ৰমী প্ৰতিভাক উচ্চ প্ৰশংসা কৰি কয় যে- “জিয়া’ৰ সংগীতে মানুহৰ গভীৰ অনুভূতিক ৰেখাপাত কৰি হৃদয় চুই যাবলৈ সক্ষম হ’ব আৰু সামগ্ৰিক চিনেমা উপভোগৰ অভিজ্ঞতা বৃদ্ধি কৰি নতুন মাত্ৰ প্ৰদান কৰিব।”

    ‘জিয়া’ৰ সংগীত সৃষ্টিৰ আঁৰৰ প্ৰেৰণাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰি সংগীত প্ৰযোজক অম্বৰ দাসে কয় যে, ‘‘জিয়া’ৰ সংগীত প্ৰযোজক হিচাপে এগৰাকী একক মাতৃৰ জীৱনৰ মৰ্মান্তিক গাঁথা, সমাজৰ কলংক, পাৰিবাৰিক হেঁচা আৰু সন্তানে পিতৃৰ পৰিচয় বিচাৰি হাহাকাৰ কৰা কিছু জীৱন্ত খণ্ডচিত্ৰক লৈ এই সংগীত ৰূপায়ণ কৰিবলৈ যত্ন কৰিছোঁ। এই গানত মহিলাগৰাকীৰ আৱেগিক মুহূৰ্ত আৰু জটিল জীৱনক ধৰি ৰখাৰ লক্ষ্য ৰাখিছিলোঁ। প্ৰতিটো সুৰত স্থিতিস্থাপকতা ৰাখি সৰ্বশেষত এক আশাসঞ্চাৰী মনোমোহা অপ্ৰত্যাশিত টুইষ্ট প্ৰতিফলিত কৰা হৈছে। এটি প্ৰতিভাৱান দলৰ সহযোগিতাত এই কাহিনীটোক জীৱন্ত কৰি তোলাত অৰিহণা যোগাবলৈ পোৱাটো অত্যন্ত আনন্দৰ বিষয় আছিল। আমি আশা কৰো যে দৰ্শকে শব্দৰ ৰেখা আৰু সংগীতৰ গভীৰতাত অনুৰণিত হৈ কাহিনী আৰু প্ৰকৃত অনুভূতি বিচাৰি পাব।”

    অসমীয়া চিনেমাজগতত এক অবিস্মৰণীয় যাত্ৰাৰ প্ৰতিশ্ৰুতিৰে চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে ২০২৪ৰ ১৭ মে’ত চলচ্চিত্ৰগৃহত ‘জিয়া’ই মুক্তি লাভ কৰিব ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.