উভতি ন’হাৰ বাটাৰে
গ’লাগৈ তুমি।
সুৰৰ মায়েজালে বান্ধিলা
গোটেই জাতি।
জুবিনদা, তুমি কিংবদন্তী
তোমাৰ কোনো জাতি নাই,
নাই তোমাৰ কোনো ধৰ্ম।
আকাশে, বাতাহে আজি
তোমাৰ সুৰৰে আলোড়িত।
মাথোঁ, বিচাৰিছোঁ তোমাক
ক’ত গলা তুমি ?
উমান নিদিয়াকৈ আঁতৰি গ’লা,
ধ্ৰুব তৰাৰ দৰে
তুমি সকলোৰে হৃদয়ত
জিলিকি থাকা।
যিদৰে কৈছিলা
প্ৰকৃতিৰ সন্তান তুমি।
সাগৰৰ তলীত, গভীৰ নিদ্ৰাত
নিমাতে, নিতালে প্ৰকৃতিৰ বুকুত
আজি হ’লা বিলীন ।
হৃদয়বিদাৰক এটি বেদনা দি
সমগ্ৰ বিশ্বকে কন্দোৱাই গ’লা।
জুবিনদা তুমি অমৰ।
জুবিনদা তুমি অমৰ।।
ৰাজশ্ৰী সেনাপতি গগৈ,
ডিব্ৰুগড়