31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    কিংবদন্তী

    তোমাৰ কোনো জাতি নাই, নাই তোমাৰ কোনো ধৰ্ম। আকাশে, বাতাহে আজি তোমাৰ সুৰৰে আলোড়িত।

    উভতি ন’হাৰ বাটাৰে
    গ’লাগৈ তুমি।
    সুৰৰ মায়েজালে বান্ধিলা
    গোটেই জাতি।
    জুবিনদা, তুমি কিংবদন্তী
    তোমাৰ কোনো জাতি নাই,
    নাই তোমাৰ কোনো ধৰ্ম।
    আকাশে, বাতাহে আজি
    তোমাৰ সুৰৰে আলোড়িত।
    মাথোঁ, বিচাৰিছোঁ তোমাক
    ক’ত গলা তুমি ?
    উমান নিদিয়াকৈ আঁতৰি গ’লা,
    ধ্ৰুব তৰাৰ দৰে
    তুমি সকলোৰে হৃদয়ত
    জিলিকি থাকা।
    যিদৰে কৈছিলা
    প্ৰকৃতিৰ সন্তান তুমি।
    সাগৰৰ তলীত, গভীৰ নিদ্ৰাত
    নিমাতে, নিতালে প্ৰকৃতিৰ বুকুত
    আজি হ’লা বিলীন ।
    হৃদয়বিদাৰক এটি বেদনা দি
    সমগ্ৰ বিশ্বকে কন্দোৱাই গ’লা।
    জুবিনদা তুমি অমৰ।
    জুবিনদা তুমি অমৰ।।

    ৰাজশ্ৰী সেনাপতি গগৈ,
    ডিব্ৰুগড়

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.