31.3 C
Guwahati
Thursday, November 13, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী অভয়াৰণ্য সেউজীকৰণত সহযোগিতা সাংবাদিকৰ :পাচঁ শ শগুনীলতাৰ কাটিং প্ৰদান

    বিহালী অভয়াৰণ্য সেউজীকৰণত সহযোগিতা সাংবাদিকৰ :পাচঁ শ শগুনীলতাৰ কাটিং প্ৰদান ::

    বিহালী ১৯ মে’ :
    যি সময়ত অসমৰ বনাঞ্চল সমূহত দুষ্ট চক্ৰ আৰু চোৰাং কাঠ বেপাৰীয়ে বহু মূল্যৱান ঔষধি যুক্ত গছ-গছনি কাটি একাংশ লোকে ধংস কৰিছে তেনে সময়তে বনাঞ্চল পৰা বিলুপ্ত হোৱা এশ গুনেৰে ভৰা ঔষধি যুক্ত লতা শগুনীলতা যোগান ধৰিবলৈ আগবাঢ়ি আহিছে বিশ্বনাথৰ ইটিভি ভাৰত অসমৰ সাংবাদিক শ্ৰীমন্ত দাস ।


    উল্লেখযোগ্য যে পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ বিহালী সংৰক্ষিত বনাঞ্চলক ২০২২ৰ ৪ মে’ত অভয়াৰণ্য হিচাবে ঘোষণা কৰাৰ পাচত সম্প্ৰতি অভয়াৰণ্যখনক সুকীয়া ৰূপ দিয়াৰ বাবে উঠিপৰি লাগিছে বন বিভাগ ৷ শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বিহালী বিধানসভা সমষ্টিত অৱস্থিত অভয়াৰণ্যখনৰ প্ৰায় ১.৫ হেক্টৰ ভূমিত এখন নাৰ্চাৰী মুকলি কৰি তীব্ৰগতিত কাম আগবঢ়াই থকা দেখা গৈছে ।

     

    উক্ত নাৰ্চাৰীখনৰ জৰিয়তে বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ৰ নেতৃত্বত প্ৰায় ৬ লাখ ভিন্ন প্ৰজাতিৰ গছপুলি আৰু ঔষধি গুণযুক্ত লতা ৰোপনৰ কাম আগবঢ়াই আছে ৷ উক্ত ৬ লাখ পুলিৰ উপৰিও বিশ্বনাথৰ ইটিভি ভাৰত অসমৰ সাংবাদিক শ্ৰীমন্ত দাসেও ৫ শ শগুণীলতাৰ কাটিং পুলি অভয়াৰণ্যখনলৈ আগবঢ়াইছে ৷
    উল্লেখযোগ্য যে শগুনী লতা যিহেতু এশটো গুনেৰে ভৰা এই ঔষধি যুক্ত লতা বিধ বনাঞ্চল সমূহত বিলুপ্ত হোৱা প্ৰতি লক্ষ্য ৰাখি সাংবাদিক গৰাকীয়ে ৫ শ শগুনী লতা কাৰ্টিং বন বিভাগৰ হাতত অৰ্পণ কৰা বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে, উত্তৰ অসমৰ একমাত্ৰ অভয়াৰণ্য হ’ল বিহালী অভয়াৰণ্য । ১৯১৭ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল হস্তী সংৰক্ষতিৰ অঞ্চলৰ এক অংশ ৷ ১৯৯৪ চনত বনাঞ্চলখনক গুৰুত্বপূৰ্ণ চৰাই অঞ্চল আৰু ২০০৪ চনত মূল জৈৱ বৈচিত্ৰ্য অঞ্চল হিচাবে স্বীকৃতি দিয়া হৈছিল । সম্প্ৰতে অভয়াৰণ্য হিচাবে স্বীকৃত বিহালী অভয়াৰণ্যক মুঠ ১৪০ কিলোমিটাৰে ভূমিয়ে আৱৰি আছে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds