31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    কিয় যোৰহাটৰ সাংবাদিকে সাংবাদিকৰ বিৰুদ্ধে ল’লে কঠোৰ সিদ্ধান্ত.যোৰহাটৰ বাকী সাংবাদিকে টকাতো ঘৰলৈ লৈ যায়, আৰু আমি অফিচত দিব লাগে, আমাৰ অফিচটো বেলেগ

    যোৰহাটৰ বাকী সাংবাদিকে টকাতো ঘৰলৈ লৈ যায়, আৰু আমি অফিচত দিব লাগে, আমাৰ অফিচটো বেলেগ
    কিয় যোৰহাটৰ সাংবাদিকে সাংবাদিকৰ বিৰুদ্ধে ল’লে কঠোৰ সিদ্ধান্ত ::

    ডিজিটেল ডেস্ক

    বিগত কিছুদিন ধৰি যোৰহাটৰ সংবাদক্ষেত্ৰখন কলুষিত কৰিব পৰা কিছু ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে ইফালে আজি যোৰহাট প্ৰেছ ক্লাৱৰ এখন জৰুৰী সাধাৰণ সভা যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয়। যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে যোৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰাই।

    সভাৰ আতঁ ধৰে সম্পাদক প্ৰদীপ বৰাই কয় যে, কিছুদিন পূৰ্বে যোৰহাটৰ সাংবাদিক আৰু ব্যৱসায়ীৰ মাজত হোৱা বাৰ্তালাপৰ এক অডিঅ’ ভাইৰেল হোৱাৰ পাছত সৰ্বত্ৰে প্ৰশ্নৰ উত্থাপন হোৱাৰ লগতে যোৰহাটৰ সংবাদক্ষেত্ৰখন কলুষিত হৈছে। পুনৰ যাতে কাৰো এনে কাৰ্যৰ বাবে যোৰহাটৰ সংবাদ ক্ষেত্ৰখন বদনামী হ’ব নোৱাৰে, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত। তেওঁ এই ধৰণৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ বাবেই আজিৰ এই জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে বুলি উদেশ্য ব্যাখ্যাত উল্লেখ কৰে।

    আজিৰ সভাত অংশগ্ৰহণ কৰি যোৰহাট প্ৰেছ ক্লাৱৰ সদস্যসকলে বক্তব্য প্ৰদান কৰাৰ লগতে মতামত আগবঢ়াই। বিশেষকৈ অসমৰ আগশাৰী এটা টেলিভিছন চেনেলৰ জনৈক বৰা উপাধি নামৰ সাংবাদিক গৰাকীয়ে এজন ব্যৱসায়ীৰ সৈতে কথোপকথনত কোৱা কথা সম্পূৰ্ণ ৰূপে নীতি বৰ্হিভূত আৰু সাংবাদিক সমাজৰ বাবে অতিশয় লজ্জিত বুলি একেমুখে গৰিহণা দিয়ে।

    আনহাতে শনিবাৰৰৰ জৰুৰী সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সামাজিক মাধ্যমত ভাইৰেল অডিঅ’ ক্লিপত জনৈক উৎপল বৰা, তপন, উত্তম, পংকজ, গোপাল নামৰ ব্যক্তিৰ মাজত হোৱা কথোপকথনত “যোৰহাটৰ বাকী সাংবাদিকে টকাতো ঘৰলৈ লৈ যায়, আৰু আমি অফিচত দিব লাগে, আমাৰ অফিচটো বেলেগ. এই ভাষ্যই যোৰহাটৰ সকলো সাংবাদিকক জন মানসত হেয় প্ৰতিপন্ন কৰা বুলি সভাত উল্লেখ কৰে প্ৰেছ ক্লাৱৰ সদস্য সকলে।
    এনে মন্তব্যই সাংবাদিকৰ সামাজিক ভাৱমূৰ্তি ম্লান কৰিছে আৰু ৰাজ্যৰ বিভিন্ন মহলে যোৰহাটৰ সাংবাদিকক সমালোচনা কৰিছে। এনে কাৰ্যক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে কোনো সাংবাদিক বা সাধাৰণ লোকে কোনো মাধ্যমত যোৰহাটৰ সমূহ সাংবাদিকক একাকাৰ কৰি এনে ধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে।

    যদি এনে কাৰ্যৰ পুনৰাবৃত্তি হয় তেন্তে তেনে পক্ষৰ বিৰুদ্ধে যোৰহাট প্ৰেছ ক্লাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নী দিয়ে। আনহাতে সভাই যোৰহাট সদৰ থানাত গোচৰ পঞ্জীয়ন হৈ থকাৰ বাবে দুই সাংবাদিক তপন মিশ্ৰ আৰু সত্যজিৎ বৰঠাকুৰক তৎকালীন ভাবে বলবৎ হোৱাকৈ যোৰহাট প্ৰেছ ক্লাৱৰ সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    লগতে উৎপল বৰা নামৰ সাংবাদিক গৰাকী (বৰ্তমান সদস্য নহয়) উল্লিখিত দুজনৰ দৰে দোষমুক্ত নোহোৱা পৰ্যন্ত যোৰহাট প্ৰেছ ক্লাৱৰ সদস্য পদ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে এই জৰুৰী সাধাৰণ সভাত আন এগৰাকী  সাংবাদিক জনৈক আলি উপাধি সাংবাদিক গৰাকীৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ সিদ্ধান্ত লৈছে প্ৰেছ ক্লাৱে।

    আনহাতে আলিয়ে এটা ডিজিটেল মাধ্যমত যোৱা ২০ জুলাই তাৰিখে উৎপল বৰা সন্দৰ্ভত মন্তব্য কৰি “৯০ শতাংশ সাংবাদিকে টকা খাই, ময়ো খাওঁ” বুলি কৰা মন্তব্যই অসমৰ সকলো সাংবাদিকক জন মানসত হেয় প্ৰতিপন্ন কৰাৰ লগতে লজ্জিত কৰিছে আৰু সাংবাদিকৰ সন্মান হানি কৰিছে। এই কথাক যোৰহাট প্ৰেছ ক্লাৱে এক মুখে ধিক্কাৰ, গৰিহণা দিয়াৰ লগতে সাংবাদিক আলিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট আৰক্ষী অধীক্ষকক এক এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    বাতৰি উৎসৱ : Asomiya Pratidin

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.