31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ ওপৰত আলোচনা চক্ৰ

    সংবাদদাতা, মনীষা শৰ্মাঃ জাগীৰোড মহাবিদ্যালয় অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ‘‘Decoding Budget ২০২৪: Interim and State Budge’’ বিষয়ৰ ওপৰত অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট আৰু ভাৰত চৰকাৰৰ অন্তৰ্ৱতী বাজেটৰ এক বিশেষ পৰ্যালোচনা মূলক আলোচনা চক্ৰ ৭ মাৰ্চ তাৰিখে মহাবিদ্যালয়ৰ প্ৰবীণ কুমাৰ বৰঠাকুৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° গিতুমণি ৰাজবংশীয়ে আঁত ধৰা এই আলোচনা চক্ৰত অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে চমু আলোচনা আগবঢ়াই চৰকাৰী বাজেট, অনুষ্ঠান প্ৰতিষ্ঠানৰ বাজেট আৰু পৰিয়ালৰ বাজেটৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে ব্যক্ত কৰে। তেখেতে কয় যে ভাল বাজেটৰ ওপৰত নিৰ্ভৰ কৰি যেনেদৰে দেশ এখনে নিজৰ প্ৰগতিৰ বাট ৰচনা কৰে ঠিক একেদৰে এটা পৰিয়াল পৰিচালনা কৰিবৰ বাবেও উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজন হয়। যদিও পৰিয়ালে নিজৰ লিখিত বাজেট প্ৰস্তুত নকৰে বা কৰাৰ প্ৰয়োজন অনুভৱ নকৰে কিন্তু পৰিয়ালৰ সুস্থিৰ পৰিচালনাৰ বাবে উপযুক্ত পৰিকল্পনা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। উপযুক্ত পৰিকল্পনাৰ অভাৱত যি দৰে কোম্পেনী bankrupt বা দেউলীয়া হয় ঠিক একেদৰে পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নহয়। তেখেতে কয় যে বেংকৰ পৰা টকা ধাৰলৈ লোৱা কামটো বেয়া নহয় যদিহে সময়ানুবৰ্তিতাৰে ধাৰৰ টকা পৰিশোধ কৰা হয়। আলোচনা চক্ৰত ছাত্ৰ ছাত্ৰী সকলৰ অংশ গ্ৰহণ আছিল উল্লেখযোগ্য।

    কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ৱতী বাজেটৰ বিভিন্ন শিতান যেনে পৰ্যটন, প্ৰতিৰক্ষা, ৰে’লৱে, কৃষি, শিক্ষা আৰু স্বাস্থ্যৰ বাজেটৰ ওপৰত ক্ৰমে আচিতা বৰুৱা, ভাৰ্গৱ শৰ্মা, বন্দিতা বাগলাৰী, কংকনা শৰ্মা, শ্ৰেয়া চুতীয়া আৰু উদ্দিপ্ত শৰ্মাই নিজ নিজ পৰ্যালোচনা পাৱাৰ পইন্টৰ জৰিয়তে আগবঢ়াই। আনহাতে অসম বাজেটৰ ওপৰত চতুৰ্থ ষন্মসিকৰ ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ নিজা নিজা বিশ্লেষণ আগবঢ়ায়। বানপানী ব্যৱস্থাপনা, গ্ৰাম্য উন্নয়ন, সমাজ কল্যান, শিক্ষা, নগৰ উন্নয়ন, পৰিবহন, স্বাস্থ্য, কৃষি শিতানৰ ওপৰত নিজা বিশ্লেষণ আগবঢ়ায় ক্ৰমে অভয় প্ৰতাপ দাস, অঞ্জলি তেৰাংপি, বিশাল বিশ্বাস, চন্দ্ৰমল্লিকা মালৈ, দয়ানন্দ বিশ্বাস, গৌৰী শংকৰ ডেকা, হিমাংকী বৰদলৈ, আৰু চাম্মা ইয়াষ্মিনে। প্ৰতিগৰাকী বিশ্লেষক ছাত্ৰ ছাত্ৰীক বিভিন্ন প্ৰশ্নৰে অন্যান্য ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ নিজা মতামত বিচৰা পৰিলক্ষিত হৈছিল।

    আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° চিত্ত ৰঞ্জন চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ সক্ৰিয় অংশ গ্ৰহণৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে বাজেট আধুনিক ধাৰণা নহয়। কৌটিল্যৰ দিনৰে পৰাই বাজেট প্ৰস্তুত কৰা হৈছিল আৰু বিশ্বৰ প্ৰতিখন দেশতে বাজেট প্ৰস্তুত কৰা হয়। সমৰণিত অনুষ্ঠানটিৰ আঁত ধৰোঁতা ড° গিতুমণি ৰাজবংশীয়ে সকলোৰে শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সক্ৰিয় অংশ গ্ৰহণৰ বাবে ভূয়সী প্ৰশংসা কৰে। তেওঁ আগলৈও এনেকৈ গুৰুত্ব পূৰ্ণ বিষয়ত ছাত্ৰ ছাত্ৰী সকলৰ সক্ৰিয় অংশ গ্ৰহণৰ বাবে আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থকা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ক্ৰমে ড° উৎপল ৰাজগুৰু, ড° পুৰুষোত্তম ভাণ্ডাৰী, ভাৰত বণিয়া ড° চৰকাৰৰ শলাগ লৈ অনুষ্ঠানৰ সামৰণি মাৰে।

    জাগীৰোড পৰা আমাৰ সহযোগী সমুদ্ৰ মনি নেওগ ৰিপোৰ্ট।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds