31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    আন্তঃৰাষ্ট্ৰীয় ভাগৱত ব্যাখ্যাকাৰ ৰাধিকা দাসীক ‘মহাবাহু ব্ৰহ্মপুত্ৰ সম্ৰাজ্ঞী’ উপাধি প্ৰদান ‘জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, বিশ্বনাথ জিলা’ৰ

    আন্তঃৰাষ্ট্ৰীয় ভাগৱত ব্যাখ্যাকাৰ ৰাধিকা দাসীক ‘মহাবাহু ব্ৰহ্মপুত্ৰ সম্ৰাজ্ঞী’ উপাধি প্ৰদান ‘জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, বিশ্বনাথ জিলা’ৰ

    দিগন্ত কুমাৰ দাস অসম খবৰ বেদেতী ১৬ মে’ আন্তঃৰাষ্ট্ৰীয় ভাগৱত ব্যাখ্যাকাৰ ৰাধিকা দাসীক ‘মহাবাহু ব্ৰহ্মপুত্ৰ সম্ৰাজ্ঞী’ সন্মান প্ৰদান কৰিছে বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ(অসম)ৰ বিশ্বনাথ জিলা সমিতিয়ে ।
    নৱগঠিত বিহালী বিধান সভা সমষ্টিৰ হেলেম-কুৰুৱাৱস্তিত বিগত ৮ দিন ধৰি চলি থকা ভাগৱত জ্ঞান মহাযজ্ঞস্থলীত আজি সংগঠনটোৱে ব্যাখ্যাকাৰ গৰাকীক এই সন্মান প্ৰদান কৰে । গামোচা, চেলেং আৰু মানপত্ৰৰে ৰাধিকা দাসীক সন্মান প্ৰদান কৰা দলটোত আছিল কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, কলাশ্ৰী বিনোদ খনাল, যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ দাস, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ দাস, কাৰ্যকৰী সভাপতি সেৱক শৰ্মা, প্ৰচাৰ সম্পাদকদ্বয় ক্ৰমে ভুৱন লুইটেল আৰু খগেন মটক ।
    উল্লেখ্য যে, যোৱা ১০ মে’ৰ পৰা হেলেম কুৰুৱা বস্তিত চলি থকা ভাগৱত জ্ঞান মহাযজ্ঞত এগৰাকী মুখ্য ব্যাখ্যাকাৰ হিচাপে ভাগৱত জ্ঞানামৃত বিলোৱা, বৃন্দাবনৰ বিদুষী মহিলা গৰাকীক তেখেতৰ মধুৰ বচন আৰু আকৰ্ষণীয় উচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ লগতে ভাগৱত শাস্ত্ৰৰ গভীৰ জ্ঞানৰ বাবেই এই উপাধি প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উপ-সভাপতি বিনোদ খনাল আৰু যুৱ ঐক্য মঞ্চৰ সভাপতি ডম্বৰুধৰ দাসে ।
    প্ৰণিধানযোগ্য যে, ভাগৱত ব্যাখ্যাস্থলীত প্ৰতিদিনে প্ৰায় দহ হেজাৰ ধৰ্মপ্ৰাণ লোকৰ সমাৱেশ হয় ।
    ————————————–

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds