Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা ” হাজ বেণ্ড অব ডেট গাই” উন্মোচন

- Advertisement -

■ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা ” হাজবেণ্ড অব্ ডেট গাই” আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ’ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে।এই ধৰণৰ সাহিত্য খুৱ কম পোৱা যায়।সাহিত্যৰ বাবে সাহিত্য নহয়।যিবিলাক সাহিত্য দায়বদ্ধ সেইবোৰহে আচল সাহিত্য। সাহিত্যই সমাজ পৰিবৰ্তন কৰিব পাৰিব লাগিব।
আজিৰ সময়ত অন্য ধৰণৰ সাহিত্য ৰচনা বহু পোৱা যায় কিন্তু এই ধৰণৰ সাহিত্য কম কৈ পোৱা যায়।।বেজবৰুৱাৰ কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল।দুই এটা ইংৰাজী শিকিয়ে নিজকে বহু বেছি জনা ব্যক্তি বুলি জহাই কথা ক’ব বিচৰা সেইবোৰ মানুহক লৈ বেজবৰুৱাৰই উদঙাই দেখুৱাই হাস্য ৰস সাহিত্য যেনেকৈ ভোকেন্দ্ৰ বৰুৱা নামৰ গল্পত আছে সেই একেটা ধৰণৰ সাহিত্য অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ লেখক পংকজ নেওগৰ আজি উন্মোচীত ”হাজবেণ্ড অব্ ডেট্ গাই” ত সন্নিবিষ্ট হৈছে। ইপিনে অভিনেতা সত্যেন শৰ্মাই আঁতধৰা আজিৰ অনুষ্ঠানত উপস্থিত থাকি হাস্য মধুৰ ভাষাৰে উপস্থিত সকলোকে ৰসৰ সাগত বুৰাই তোলে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু কথা শিল্পী তথা চিকিৎসক ডা° অঞ্জনজ্যোতি চৌধুৰীয়ে।

অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বি বৰুৱা কলেজৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক ভৱানী গোস্বামী য়ে লিখকৰ প্ৰতি শুভেচ্ছামূলক মন্তব্য আগবঢ়ায়। আনহাতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লেখক পংকজ নেওগে কয় যে লেখকে গ্ৰন্থখন খনৰ সাৰ্থকতা পাঠকে নিৰ্ণয় কৰিব আনহাতে গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা বাবে তেওঁ অবাক প্ৰকাশনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

Hot this week

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °