31.3 C
Guwahati
Tuesday, November 18, 2025
More

    শেহতীয়া আপডেটঃ

    অসমৰ সুদক্ষ, প্ৰাক্তন ফুটবল খেলুৱৈ বেদেতীৰ জৰ্জ শীলৰ মৃত্যু/শোক

    অসমৰ সুদক্ষ, প্ৰাক্তন ফুটবল খেলুৱৈ বেদেতীৰ জৰ্জ শীলৰ মৃত্যু/শোক
    অসম খবৰ
    বেদেতী, ১৩ জানুৱাৰীঃ অসমৰ ফুটবল জগতৰ এসময়ৰ সুদক্ষ গলকীপাৰ জৰ্জ শীলৰ যোৱা নিশা বেদেতীৰ বিহালী চাহ বাগিচাৰ নিজা বাসগৃহত দেহাৱসান ঘটে। কিছু দিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে নিজ গৃহতে চিকিৎসা গ্ৰহণ কৰি অৱশেষত কালি নিশা প্ৰায় ১০ বজাত নিয়তিৰ ওচৰত হাৰ মানিলে। পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি বিহালী চাহ বাগিচা ফুটবল দলৰ গলকীপাৰ হিচাপে নব্বৈ দশকত খেলুৱৈ জীৱন আৰম্ভ কৰি অস্থায়ী হিচাপে জামুগুৰিহাটৰ দ্বাদশ অসম আৰক্ষী বেটেলিয়ান , পৰৱৰ্তী সময়ত উইলিয়ামছন মেগৰ ফুটবল একাডেমীৰ লগতে অসম পুলিচত নিযুক্তি লাভ কৰি পুলিচ ফুটবল দলৰ মুখ্য গলকীপাৰ, অসম দলৰ হৈ সন্তোষ ট্ৰফীত অংশ গ্ৰহণ কৰিছিল। তেওঁ অসমৰ বৰদলৈ ট্ৰফী, স্বাধীনতা কাপ, এ টি পি এ ৰ লগতে ভাৰতৰ বিভিন্ন আগশাৰীৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি মোহন বাগান, ইষ্ট বেংগল ফুটবল ক্লাবৰ লগতে বহু দেশী-বিদেশী ফুটবল দলৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ কৰি অসম তথা বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বিগত ২০০৭-২০১০ চনলৈকে নগাঁও নৱম আৰক্ষী বেটেলিয়ানত অংশ গ্ৰহণ কৰি একপ্ৰকাৰ ফুটবল খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত অসম পুলিচৰ কামাণ্ডো হিচাপে পদোন্নতি লাভ কৰি স্বেচ্ছামূলকভাৱে ২০২২ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু দুগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ গৈছে। অতি অমায়িক আৰু ভদ্ৰ ব্যক্তি হিচাপে পৰিচিত জৰ্জ শীলৰ মৃত্যুত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিৎ দত্ত, বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সম্পাদক ৰাতুল শইকীয়া, বিহালীৰ সামাজিক অনুষ্ঠান উদ্দীপ্ত চ’ৰা, বিহালী প্ৰেছ ক্লাৱ, বিহালী ক্ৰীড়া সন্থা, প্ৰাক্তন খেলুৱৈ নৱ দাস, অৰুণ কুমাৰ চাহা, পিন্টু গুহ, মদন কিষান, দীপক চাহু,দীপক শৰ্মা, বিজয় লিম্বু প্ৰমুখ্যে বহু অনুষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৩ বছৰ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds