শেহতীয়া আপডেটঃ

গৰীয়সী’ আলোচনীৰ প্রচ্ছদ কাহিনী ‘ প্ৰণাম মহীৰূহ-অৰূপ কুমাৰ দত্ত’

🖋️ মাননীয় সম্পাদক মহোদয়,
‘গৰীয়সী’ আলোচনীখনৰ ফেব্রুৱাৰী, ২০২৪ সংখ্যাটোৰ প্রচ্ছদ কাহিনী হ’ল পূর্ণকালীনভাৱে সাহিত্য চর্চা কৰা, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিকভারে স্বীকৃতি লাভ কৰা অসমৰ সুসন্তান প্রথিতযশা লেখক অৰূপ কুমাৰ দত্তৰ জীৱন আৰু সৃষ্টিৰ ওপৰত আলোকপাত কৰা।
‘সম্পাদকীয়(শিল্প-সাহিত্য আৰু সমাজ)’ত উল্লেখ কৰিছে – “…অৰূপ কুমাৰ দত্তই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সমুখলৈ লৈ যোৱাত নিজৰ লেখাবে যি অৰিহণা যোগাইছে- তাৰ যথাযথ মূল্যায়ন এতিয়াও হোৱা নাই। যদি তেওঁ তিষ্ঠি থকাৰ সংগ্ৰামত সৃষ্টিশীলতাক ব্যয় নকৰি একান্ত সাধনাত নিজকে উৎসর্গ কৰিব পাৰিলেহেঁতেন- হয়তো অসমে লাভ কৰিলেহেঁতেন বিশ্ববন্দিত আৰু অনেক সার্থক সৃষ্টি। অৰূপ কুমাৰ দত্তৰ দৰে শিল্পী-সাহিত্যিকসকলৰ জীৱন আৰু সৃষ্টিলৈ লক্ষ্য কৰিলে সমাজে নিজৰ দায়িত্ব আৰু কর্তব্যৰ সীমাবদ্ধতাক অনুভৱ কৰিব পাৰিব বুলি আৰু প্রতিজন মানুহৰ বিশেষ গুণাবলীয়েপ পৰিপূর্ণ বিকাশৰ বাবে সমাজ আৰু ৰাষ্ট্ৰত প্রয়োজনীয় ব্যৱস্থা আৰু বাতাবৰণ লাভ কৰিব পাৰিব বুলি আশা কৰিব পৰা যায়। প্রতিখন দায়িত্বশীল সমাজেই অৰূপ কুমাৰ দত্তৰ দৰে আৰু অনেক বোধিসম্পন্ন শিল্পী-সাহিত্যিকব নিজক উজাৰ কৰি দিয়া অৰিহণাৰে সমৃদ্ধ হোৱাব আকাংক্ষা কৰে। তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা আৰু বাতাবৰণ গঢ়ি তোলাত আমাৰ সমাজখন সচেতনভাবে আৰু দায়বদ্ধতাবে আগ বাঢ়ি আহিলে আগন্তুক দিনবোৰত নতুন নতুন প্রজন্মৰ আৰু অনেক শিল্পী- সাহিত্যিকৰ অনুপম অৰিহণাৰে আমাৰ সমাজ ঋদ্ধ হৈ গৈ থাকিব বুলি নিশ্চিতভাবে আশা কৰিব পৰা যায়।”
‘গৰীয়সী’ত প্রকাশ হোৱা লেখাবোৰ হ’ল –ড° আনন্দ বৰমুদৈৰ ‘ইংৰাজীত লিখা এজন ভাৰতীয় সাহিত্যিক’;পৰেশ মালাকাৰৰ ‘অৰূপ কুমাৰ দত্ত’ ; প্রথম পুৰুষত অৰূপ কুমাৰ দত্ত আৰু লেখক, সাংবাদিক, বোদ্ধা অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্তই প্ৰথম পুৰুষত ব্যক্ত কৰা জীৱন-কথাৰ ‘গৰীয়সী’য়ে দিয়া লিখিত ৰূপ ‘প্ৰথম পুৰুষত অৰূপ কুমাৰ দত্ত’। সমীন্দ্র ডেকাৰ “অৰূপ কুমাৰ দত্তৰ গ্ৰন্থসমূহৰ বিৱৰণ- বেটুপাত, ‘লেখক, সাংবাদিক, বোদ্ধা অৰূপ কুমাৰ দত্ত’ ( উৎস: অৰূপ কুমাৰ দত্তৰ ৱেবছাইট)”।
‘ইংৰাজীত লিখা এজন ভাৰতীয় সাহিত্যিক’ লেখাটোত উত্তৰ-পূবৰ পৰা ইংৰাজীত লিখা ভাৰতীয় লেখকৰ বাটকটীয়া বুলি গণ্য কৰা অৰূপ কুমাৰ দত্তই প্রাপ্তবয়স্কৰ কাৰণে ওঠৰখন আৰু কিশোৰৰ কাৰণে সোতৰখন দুঃসাহসিক অভিযান গ্রন্থ লিখা কথা উল্লেখ কৰিছে।
অৰূপ কুমাৰ দত্তৰ ‘কাজিৰঙা ট্রেইল’ জার্মান, জাপানী, ৰাছিয়ান, হাংগেৰিয়ান আৰু চেককে ধৰি কেইবাটাও ভাৰতীয় আৰু বিদেশী ভাষালৈ অনূদিত, জাপানত ব্ৰেইললৈ ৰূপান্তৰিত কৰা হৈছে আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবেও গ্ৰীষ্মকালীন শিক্ষাত বাধ্যতামূলক কৰা হৈছে।


গৰীয়সী আলোচনীখনে যোগ্যসকলক এইদৰে স্বীকৃতি দিয়া ধাৰা অব্যাহত ৰাখক আৰু ভৱিষ্যতে আন আলোচনীবোৰেও এনেধৰণৰ ধৰণৰ পদক্ষেপ গ্রহণ কৰিব বুলি আশা কৰিছো। ‘গৰীয়সী’ৰ সংৰক্ষণ যোগ্য সংখ্যাটো সম্পাদনা কৰা বাবে ড° ৰীতা চৌধুৰী বাইদেউক ধন্যবাদ জনাইছো।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
https://www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.