Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

গৰীয়সী’ আলোচনীৰ প্রচ্ছদ কাহিনী ‘ প্ৰণাম মহীৰূহ-অৰূপ কুমাৰ দত্ত’

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

🖋️ মাননীয় সম্পাদক মহোদয়,
‘গৰীয়সী’ আলোচনীখনৰ ফেব্রুৱাৰী, ২০২৪ সংখ্যাটোৰ প্রচ্ছদ কাহিনী হ’ল পূর্ণকালীনভাৱে সাহিত্য চর্চা কৰা, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিকভারে স্বীকৃতি লাভ কৰা অসমৰ সুসন্তান প্রথিতযশা লেখক অৰূপ কুমাৰ দত্তৰ জীৱন আৰু সৃষ্টিৰ ওপৰত আলোকপাত কৰা।
‘সম্পাদকীয়(শিল্প-সাহিত্য আৰু সমাজ)’ত উল্লেখ কৰিছে – “…অৰূপ কুমাৰ দত্তই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সমুখলৈ লৈ যোৱাত নিজৰ লেখাবে যি অৰিহণা যোগাইছে- তাৰ যথাযথ মূল্যায়ন এতিয়াও হোৱা নাই। যদি তেওঁ তিষ্ঠি থকাৰ সংগ্ৰামত সৃষ্টিশীলতাক ব্যয় নকৰি একান্ত সাধনাত নিজকে উৎসর্গ কৰিব পাৰিলেহেঁতেন- হয়তো অসমে লাভ কৰিলেহেঁতেন বিশ্ববন্দিত আৰু অনেক সার্থক সৃষ্টি। অৰূপ কুমাৰ দত্তৰ দৰে শিল্পী-সাহিত্যিকসকলৰ জীৱন আৰু সৃষ্টিলৈ লক্ষ্য কৰিলে সমাজে নিজৰ দায়িত্ব আৰু কর্তব্যৰ সীমাবদ্ধতাক অনুভৱ কৰিব পাৰিব বুলি আৰু প্রতিজন মানুহৰ বিশেষ গুণাবলীয়েপ পৰিপূর্ণ বিকাশৰ বাবে সমাজ আৰু ৰাষ্ট্ৰত প্রয়োজনীয় ব্যৱস্থা আৰু বাতাবৰণ লাভ কৰিব পাৰিব বুলি আশা কৰিব পৰা যায়। প্রতিখন দায়িত্বশীল সমাজেই অৰূপ কুমাৰ দত্তৰ দৰে আৰু অনেক বোধিসম্পন্ন শিল্পী-সাহিত্যিকব নিজক উজাৰ কৰি দিয়া অৰিহণাৰে সমৃদ্ধ হোৱাব আকাংক্ষা কৰে। তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা আৰু বাতাবৰণ গঢ়ি তোলাত আমাৰ সমাজখন সচেতনভাবে আৰু দায়বদ্ধতাবে আগ বাঢ়ি আহিলে আগন্তুক দিনবোৰত নতুন নতুন প্রজন্মৰ আৰু অনেক শিল্পী- সাহিত্যিকৰ অনুপম অৰিহণাৰে আমাৰ সমাজ ঋদ্ধ হৈ গৈ থাকিব বুলি নিশ্চিতভাবে আশা কৰিব পৰা যায়।”
‘গৰীয়সী’ত প্রকাশ হোৱা লেখাবোৰ হ’ল –ড° আনন্দ বৰমুদৈৰ ‘ইংৰাজীত লিখা এজন ভাৰতীয় সাহিত্যিক’;পৰেশ মালাকাৰৰ ‘অৰূপ কুমাৰ দত্ত’ ; প্রথম পুৰুষত অৰূপ কুমাৰ দত্ত আৰু লেখক, সাংবাদিক, বোদ্ধা অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্তই প্ৰথম পুৰুষত ব্যক্ত কৰা জীৱন-কথাৰ ‘গৰীয়সী’য়ে দিয়া লিখিত ৰূপ ‘প্ৰথম পুৰুষত অৰূপ কুমাৰ দত্ত’। সমীন্দ্র ডেকাৰ “অৰূপ কুমাৰ দত্তৰ গ্ৰন্থসমূহৰ বিৱৰণ- বেটুপাত, ‘লেখক, সাংবাদিক, বোদ্ধা অৰূপ কুমাৰ দত্ত’ ( উৎস: অৰূপ কুমাৰ দত্তৰ ৱেবছাইট)”।
‘ইংৰাজীত লিখা এজন ভাৰতীয় সাহিত্যিক’ লেখাটোত উত্তৰ-পূবৰ পৰা ইংৰাজীত লিখা ভাৰতীয় লেখকৰ বাটকটীয়া বুলি গণ্য কৰা অৰূপ কুমাৰ দত্তই প্রাপ্তবয়স্কৰ কাৰণে ওঠৰখন আৰু কিশোৰৰ কাৰণে সোতৰখন দুঃসাহসিক অভিযান গ্রন্থ লিখা কথা উল্লেখ কৰিছে।
অৰূপ কুমাৰ দত্তৰ ‘কাজিৰঙা ট্রেইল’ জার্মান, জাপানী, ৰাছিয়ান, হাংগেৰিয়ান আৰু চেককে ধৰি কেইবাটাও ভাৰতীয় আৰু বিদেশী ভাষালৈ অনূদিত, জাপানত ব্ৰেইললৈ ৰূপান্তৰিত কৰা হৈছে আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবেও গ্ৰীষ্মকালীন শিক্ষাত বাধ্যতামূলক কৰা হৈছে।


গৰীয়সী আলোচনীখনে যোগ্যসকলক এইদৰে স্বীকৃতি দিয়া ধাৰা অব্যাহত ৰাখক আৰু ভৱিষ্যতে আন আলোচনীবোৰেও এনেধৰণৰ ধৰণৰ পদক্ষেপ গ্রহণ কৰিব বুলি আশা কৰিছো। ‘গৰীয়সী’ৰ সংৰক্ষণ যোগ্য সংখ্যাটো সম্পাদনা কৰা বাবে ড° ৰীতা চৌধুৰী বাইদেউক ধন্যবাদ জনাইছো।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
https://www.buljit.com

- Advertisement -

Hot this week

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds