31.3 C
Guwahati
Tuesday, September 23, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃত শিল্পী

    ● যোৱা দুবছৰে কৰুণা কালীন সময়ত স্তব্ধ হৈ পৰিছিল মৃত শিল্পী সকলৰ জীৱন

    চৰকাৰে কোভিড নীতি নিয়ম মানি পূজা- পার্বন অনুষ্ঠিত কৰিব পাৰিব বুলি কোৱাত মৃত শিল্পী সকলে দেখিছে আশাৰ ৰেঙণি।

    বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ যিমানে দিন চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে মৃণ্ময় শিল্পীৰ ব্যস্ততা। কৰ’ণাৰ পৰিৱেশ কিছু শাম কটাৰ লগে লগে মৃণ্ময় শিল্পীৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

    নলবাৰী জিলাৰ বিজুলী নগৰ স্থিত মা দুৰ্গা মৃত শিল্পী কেন্দ্ৰটোত মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে কেইবাগৰাকীও শিল্পীয়ে, আটকধুনীয়াকৈ বিশ্বকৰ্মাৰ মূৰ্তি সাজি উলিয়াইছে।

    বংশানুক্ৰমিকভাৱে এইগৰাকী শিল্পীয়ে বিশ্বকৰ্মা, দুৰ্গা, লক্ষ্মীকে ধৰি বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে। বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.