বিহালী জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামীৰ কন্যাৰ সফলতা ::বিহালী প্ৰেছ ক্লাৱৰ অভিনন্দন

বিহালী জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামীৰ কন্যাৰ সফলতা ::বিহালী প্ৰেছ ক্লাৱৰ অভিনন্দন ::

বিহালী ৩০ জুন:

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত বিহালী সমষ্টিৰ নিজ বিহালীৰ জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামীৰ কন্যা স্বাগতা গোস্বামীয়ে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা ৪৩৬ নম্বৰ লাভ কৰি ডিষ্টিংশ্যন লাভ কৰি গৌৰৱ কঢ়িয়াই আনে বিহালী সমষ্টিলৈ।

ইফালে ছাত্ৰী গৰাকীৰ বাসগৃহত আজি বিহালী প্ৰেছ ক্লাৱৰ এটি প্ৰতিনিধ দল উপস্থিত হৈ ছাত্ৰী গৰাকীক অভিনন্দন জ্ঞাপন কৰে। আনহাতে সাংবাদিকৰ সন্মুখত ছাত্রী স্বাগতা গোস্বামীয়ে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে কটন কলেজত অধ্যয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে । অভিনন্দন জনোৱা সময়ত উপস্থিত থাকে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা, সম্পাদক খগেন মটক, পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাস, সদস্য শ্ৰীমন্ত দাস, ত্ৰিদিপ দাস, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক অনিল বনীয়াৰ লগতে বিশিষ্ট সমাজ কৰ্মী, শিক্ষক লীলা শৰ্মা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*